নতুন ভূমি নীতি প্ৰত্যাহাৰৰ দাবীত ডিফুত এএছডিচিৰ ধৰ্ণা কাৰ্যসূচী ডিফু, ২২ নৱেম্বৰ: কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে গ্রহণ কৰা নতুন ভূমি নীতি ২০২৩ প্রত্যাহাৰ কৰাৰ দাবীত বুধবাৰে আঞ্চলিক ৰাজনৈতিক দল এএছডিচিয়ে ডিফুত ধর্ণা কাৰ্যসূচী ৰূপায়ণ কৰে ৷ ডিফুত প্রতিবাদ কৰাৰ বাবে স্থানৰ অভাৱৰ হেতু দলটোৱে নিজ কার্যালয়তে প্রতিবাদ সাব্যস্ত কৰে।
এএছডিচিৰ সভাপতি চন্দ্রকান্ত তেৰাঙে কয় যে, নতুন ভূমি নীতিৰ বিৰুদ্ধে এই ধর্ণা কাৰ্যসূচী পৰিষদৰ অধীনৰ ডংকামোকাম, ফুলনি, বোকাজান, কাজিৰঙা ৰাজহ চক্ৰৰ অধীনতো অব্যাহত থাকিব। ধর্ণাৰ লগতে পৰিষদৰ মুখ্য কার্যবাহী সদস্যলৈ এখনকৈ স্মাৰকপত্র প্রদান কৰা হ’ব ।
তেৰাঙে লগতে কয় যে, পৰিষদে গ্রহণ কৰা নতুন ভূমি নীতি জিলাজুৰি তীব্র বিৰোধিতা কৰা হৈছে ৷ ১৯৫১ চনৰ ভূমি আইন আৰু ৰাজহ পৰিষদক দিয়া হৈছে। ষষ্ঠ অনুসূচীৰ অধীনত এই অধিকাৰ প্ৰদান কৰা হৈছে। বর্তমান ষষ্ঠ অনুসূচীৰ ক্ষমতা হস্তান্তৰিত কৰাৰ লগতে ক্ষমতা কর্তন হোৱা আৰু পূৰ্বৰ ক্ষমতা বিফল হোৱা পৰিলক্ষিত হৈছে । জিলাৰ কৃষক, সাধাৰণ জনতা আজিও দুখীয়া হৈয়ে আছে। যষ্ঠ অনুসূচীৰ অধীনৰ ক্ষমতা হেৰুৱাবলৈ ধৰিছে। চৰকাৰখনে বর্তমান কর্পোৰেট গোষ্ঠীক ৰাইজৰ ভূমি হস্তান্তৰিত কৰিবলৈ ধৰিছে।
"জিলা গঠন হোৱাৰ ৭০ বছৰ পাচতো গ্রাম্য অর্থনীতি, শৈক্ষিক, সামাজিক নীতি স্বাৱলম্বী হৈ নুঠিল। বৰঞ্চ এতিয়া লাহে লাহে ই ধ্বংসৰ দিশলৈহে গতি কৰিছে । এনেদৰে ভূমি বৃহৎ গোষ্ঠীসমূহলৈ হস্তান্তৰিত হৈ থাকিলে আমাৰ অৰ্থনীতি ভাঙি পৰিব । গ্রাম্য অর্থনীতি স্বাৱলম্বী হৈ নুঠিলে আমাৰ অৱস্থা অধিক বেয়া হ'ব। নতুন ভূমি নীতি প্রণয়ন কৰিব নোৱৰাৰ বাবে যষ্ঠ অনুসূচীভুক্ত পার্বত্য জিলাত কার্বি জনগোষ্ঠী সংখ্যালঘু হোৱাৰ দিশে গতি কৰিছে ৷" তেৰাঙে ক্ষোভ উজাৰি এই মত প্ৰকাশ কৰে ৷
লগতে পঢ়ক:মহানায়ক বিজু ফুকনৰ আজি ষষ্ঠ মৃত্যু বাৰ্ষিকী