অসম

assam

ETV Bharat / state

কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ এএছডিচি সংগঠনৰ - বিজেপি চৰকাৰ

তিনি পাৰ্বত্য জিলাকলৈ এখন স্বায়ত্তৰাজ্য গঠনৰ বাবে নিৰৱচ্ছিন্ন ভাবে আন্দোলন কৰি অহা এএছডিচিক আমন্ত্ৰন নকৰাত ক্ষোভিত হৈ পৰিছে ইয়াৰ নেতৃবৰ্গ ৷ ইতিমধ্যে আন্দোলনৰ হুংকাৰ দিছে সংগঠনটোৰ নেতৃত্ববৰ্গই ।

 কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ  এএছডিচি সংগঠনৰ
কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে জংগী আন্দোলনৰ হুংকাৰ এএছডিচি সংগঠনৰ

By

Published : Oct 5, 2020, 7:47 PM IST

ডিফু, ৫ অক্টোবৰ:মঙলবাৰে নৰ্থব্লক দিল্লীত গোৰ্খালেণ্ডলৈ গোৰ্খা জনমুক্তি মৰ্চাক আমন্ত্ৰণ জনাইছে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৷ কেন্দ্ৰীয় চৰকাৰৰ উক্ত সিদ্ধান্তক কাৰ্বি আংলঙৰ অট'নমাছ ষ্টেট ডিমাণ্ড কমিটিয়ে আদৰণি জনাইছে যদিও তিনি পাৰ্বত্য জিলাকলৈ এখন স্বায়ত্তৰাজ্য গঠনৰ বাবে নিৰৱচ্ছিন্ন ভাবে আন্দোলন কৰি অহা এএছডিচিক আমন্ত্ৰন নকৰাত ক্ষোভিত হৈ পৰিছে ইয়াৰ নেতৃবৰ্গ ৷ সোমবাৰে ডিফুস্থিত এএছডিচিৰ মুখ্য কাৰ্যালয়ত আয়োজিত কৰা এক সংবাদমেলত এএছডিচিৰ সাধাৰণ সম্পাদক জৎছন বে'ই কয় যে, ২০০৯ চনৰ পৰা ২০১৯ চনলৈকে অনুষ্ঠিত সাংসদীয় নিৰ্বাচন সমূহৰ পূৰ্বে বিজেপিৰ শীৰ্ষ নেতা ক্ৰমে, এল. কে. আদৱানী, নিতিন গাডকাৰী, ৰাজনাথ সিঙকে ধৰি বিজেপি নেতা তাপিৰ গাওঁ কাৰ্বি আংলং উত্তৰ কাছাৰক সাঙুৰি ভাৰতীয় সংবিধানৰ অনুচ্ছেদ ২৪৪ (ক) ৰূপায়ণ কৰি ক্ষুদ্ৰ ৰাজ্য গঠন কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিও ক্ষমতাত থকা অৱস্থাত পূৰণ কৰিব নৱাৰাটো চৰম দূৰ্ভাগ্যজনক ৷

স্বায়ত্ত শাসিত ৰাজ্যৰ বিষয়টো বিজেপি চৰকাৰে গাপ দি তেলেংগানাক ৰাজ্যৰ মৰ্যদা দিয়াৰ পিছত শেহতীয়াকৈ কাইলৈ মঙলবাৰে দিল্লীৰ নৰ্থ ব্লকত গোৰ্খালেণ্ডৰ বাবে আন্দোলন কৰি অহা গোৰ্থা জনমুক্তি মৰ্চাক আমন্ত্ৰণ কৰিছে যদিও স্বায়ত্তৰাজ্যৰ দাবীকলৈ ১৯৮৬ চনৰ পৰা আন্দোলন কৰি অহা এছডিচি, কেএনচিএ আৰু ইয়াৰ ভগ্নী - ভাতৃ সংগঠন সমূহৰ লগতে তিনি পাৰ্বত্য জিলাৰ ৰাইজক নিজৰ সাংবিধানিক অধিকাৰৰ পৰা বঞ্চিত কৰিলে ৷ ষষ্ঠ অনুসূচীতৰ আধাৰত স্বায়ত্তৰাজ্য বা ক্ষুদ্ৰ ৰাজ্য সৃষ্টি কৰাটোও তিনি পাৰ্বত্য জিলাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনজাতিক বিশেষ সুবিধা প্ৰদান কৰা বুজাব ৷ তাকে নকৰি তিনি পাৰ্বত্য জিলাৰ দীৰ্ঘ দিনীয়া স্বায়ত্তৰাজ্যৰ দাবী প্ৰতিটো চৰকাৰে নস্যাৎ কৰি গৈছে ৷ এএছডিচি আৰু ইয়াৰ বন্ধু সংগঠনক কেন্দ্ৰীয় চৰকাৰে ৰাজ্যদাবী সংক্ৰান্তীয় আলোচনতাত শীঘ্ৰে আমন্ত্ৰণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলা হ'ব বুলি সকিয়াই দিয়ে সম্পাদক গৰাকীয়ে ৷

লগতে পঢ়ক :লামডিঙত পথ দুৰ্ঘটনাঃ আহত দুই

ABOUT THE AUTHOR

...view details