অসম

assam

ETV Bharat / state

সংবিধানৰ 244 (ক) ৰূপায়ণৰ দাবীত সংবাদমেল এ.এছ.ডিচিৰ - অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি

অসমৰ দুই পাৰ্বত্য জিলাত সংবিধানৰ 244 (ক) ৰূপায়ণৰ দাবী এ.এছ.ডিচি ৰ ৷ অসমৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওক সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰিছে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি (এ.এছ.ডিচি) ৷

সংবিধানৰ 244 (ক) ৰূপায়ণৰ দাবীত সংবাদমেল এ.এছ.ডিচিৰ

By

Published : Nov 1, 2019, 9:16 PM IST

ডিফু, 1 নৱেম্বৰঃ দেশৰ সৰ্বত্ৰে নগা চুক্তি প্ৰসংগ চলি থকাৰ সময়তেই অসমৰ দুই পাৰ্বত্য জিলাত সংবিধানৰ 244 (ক) ৰূপায়ণৰ দাবী এ.এছ.ডিচি ৰ ৷ কেন্দ্ৰীয় চৰকাৰ আৰু নাগালেণ্ডৰ বিদ্ৰোহী সংগঠন এন.এছ.চি.এনৰ মাজত সুদীৰ্ঘ দিন ধৰি অব্যাহত থকা আলোচনা প্ৰক্ৰিয়াৰ অন্ত পেলাই চুক্তি স্বাক্ষৰৰ দিশে অগ্ৰসৰ হোৱাৰ সময়তে অসমৰ দুই পাৰ্বত্য জিলা কাৰ্বি আংলং আৰু ডিমা হাচাওক সাঙুৰি এখন স্বায়ত্ত ৰাজ্য গঠনৰ দাবীত সৰৱ হৈ পৰিছে অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি (এ.এছ.ডিচি) ৷

সংবিধানৰ 244 (ক) ৰূপায়ণৰ দাবীত সংবাদমেল এ.এছ.ডিচিৰ

কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী সদস্য জৎছন বে', আৰু এ.এছ.ডিচি ৰ প্ৰচাৰ বিভাগৰ সচিব ডেনিয়ল টেৰণে আজি ডিফুত এক সংবাদমেলৰ আয়োজন কৰি দুই পাৰ্বত্য জিলাত সংবিধান প্ৰদত্ত দাবী 244 (ক) ৰূপায়ণত চৰকাৰে কৰি অহা অৱহেলাৰ বিৰুদ্ধে সৰৱ হৈ এই দাবী জনোৱা পৰিলক্ষিত হয় ৷ ইয়াৰ লগতে কিছুদিন পূৰ্বে জম্মু কাশ্মীৰৰ পৰা বিশেষ ক্ষমতা ধাৰা 370 বাতিল কৰি দুখনকৈ কেন্দ্ৰীয় শাসিত অঞ্চল গঠন কৰাৰ লগতে নগা শান্তি চুক্তি স্বাক্ষৰৰ জৰিয়তে নগা সকলক অধিক ক্ষমতা প্ৰদান কৰা বিষয়ক লৈ নেতা দুগৰাকী সৰৱ হৈ পৰে ৷

ইয়াৰোপৰি, 1919 চনৰ ‘‘বেকবাৰ্ড ট্ৰেকত’’ অন্তৰ্ভূক্ত হোৱা কাৰ্বি আংলং আৰু উত্তৰ কাছাৰ জিলাৰ দৰে নগা পাহাৰ জিলাও একে মৰ্যদাৰে অন্তৰ্ভূক্তি হোৱাৰ পিছতো নগা পাহাৰ জিলাক অধিক ক্ষমতা প্ৰদান কৰা হ'ল ৷ নগা সকলে আজি আন্তৰ্জাতিক পৰ্যায়তো নিজা সুকীয়া পতাকা প্ৰদৰ্শন কৰাৰ সুযোগ লাভ কৰাৰ বিপৰীতে 1969 চনৰ পৰাই সংবিধান প্ৰদত্ত অনুচ্ছেদ 244 (ক) অনুসৰি দুই পাৰ্বত্য জিলাক ৰাজনৈতিকভাৱে উত্তৰণ নকৰিলে ৷ জিলাখনৰ এ.এছ.ডিচি, কে.এছ.এ, কে.এন.চি আদি সংগঠনে পাৰ্বত্য জিলা দুখনক ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বিধি অনুসৰি শান্তি সমৃদ্ধি কৰিবলৈ চৰকাৰলৈ আহ্বান জনাইছে ৷

আৰু পঢ়কঃ ভাৰত চৰকাৰ আৰু নগা বিদ্ৰোহীৰ শান্তি আলোচনা,স্বাক্ষৰিত নহ'ল কোনো চুক্তি

ABOUT THE AUTHOR

...view details