অসম

assam

কেবৰ বিৰোধিতাৰে শনিবাৰে কৃষক মুক্তিৰ প্ৰতিবাদত অংশ ল'ব এ এছ ডি চিয়ে

By

Published : Dec 6, 2019, 9:54 PM IST

তুলিৰাম ৰংহাংৰ নেতৃত্বাধীন কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ পৰ্বতসম দুৰ্নীতিক লৈ ডিফুত পাহাৰীয়া জিলাৰ অন্যতম বিৰোধী দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এ এছ ডি চিৰ সংবাদমেল ৷ দুৰ্নীতিৰ বিৰুদ্ধে ৰাজ্যপালৰ তদন্ত দাবী কৰিব দলটোৱে ৷ শনিবাৰে কৃষক মুক্তিৰ কেব বিৰোধী জোৰ সমদলতো অংশগ্ৰহণ কৰিব এ এছ ডি ছিয়ে ৷ সাংবাদিকৰ আগত সভাপতি হলিৰাম তেৰাঙৰ মন্তব্য ৷ কেবৰ কৱলৰ পৰা কাৰ্বি আংলং প্ৰভাৱিত নহয় বুলি আশ্বস্ত নহয় এ এছ ডি চি ৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিত লৈ এ এছ ডি চিৰ সংবাদমেল: কাইলৈ কেব বিৰোধী প্ৰতিবাদ কৰিব অংশগ্ৰহণ
কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিত লৈ এ এছ ডি চিৰ সংবাদমেল: কাইলৈ কেব বিৰোধী প্ৰতিবাদ কৰিব অংশগ্ৰহণ

ডিফু, 6 ডিচেম্বৰ: কাৰ্বি স্বায়ত্ত শাসিত পৰিষদত সংঘটিত অবাধ দুৰ্নীতি আৰু কেবৰ বিৰুদ্ধে এইবাৰ সৰৱ হৈ উঠিছে পাহাৰীয়া জিলাখনৰ অন্যতম বিৰোধী দল অট'নমাছ ষ্টেট ডিমাণ্ড কমিটি চমুকৈ এ এছ ডি চি ৷ শুকুৰবাৰে ডিফুত এক সংবাদমেলযোগে কাৰ্বি স্বায়ত্ত পৰিষদ আৰু কেব সন্দৰ্ভত সাংবাদিকৰ আগত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য কৰে সংগঠনটোৰ সভাপতি সভাপতি হলিৰাম তেৰাং, কাৰ্যকৰী সভাপতি চন্দ্ৰকান্ত তেৰাং, সাধাৰণ সম্পাদক জৎছন বেক প্ৰমুখ্য কৰি দলটোৰ শীৰ্ষ নেতৃত্বই ৷

সংবাদমেলযোগে দলৰ সভাপতি হলিৰাম তেৰাঙে কয় যে, তুলিৰাম ৰংহাংৰ নেতৃত্বত কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ সংঘটিত হোৱা পৰ্বতসম দুৰ্নীতিৰ অভিযোগ সন্দৰ্ভত দলটোৱে ৰাজ্যপাল জগদীশ মুখীক ইতিমধ্যে তদন্ত কৰিবলৈ যোৱা তিনি ডিচেম্বৰত তেওঁৰ সৈতে মিলিত হৈ আহ্বান জনাইছে ৷ লগতে দলটোৱে পৰিষদৰ জলসিঞ্চন আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগত সংঘটিত দুৰ্নীতিৰ কিছু তথ্য ৰাজ্যপালক প্ৰদান কৰিছে ৷ তেওঁলোকে ৰাজ্যপাল জগদীশ মুখীৰ হাতত জলসিঞ্চন বিভাগত কোনো কাম নকৰাকৈ ৭১ খন আচঁনিৰ ৫১৪৯:০২ লাখ টকা আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ৮৫৪:৬৪ লাখ টকা আত্মসাৎ কৰাৰ তথ্য দাখিল কৰাৰ কথাও সংবাদমেল যোগে সদৰি কৰে ৷

কাৰ্বি স্বায়ত্ত পৰিষদৰ দুৰ্নীতিক লৈ এ এছ ডি চিৰ সংবাদমেল: কেবৰ বিৰোধিতাৰে কাইলৈ অংশ ল'ব কৃষক মুক্তিৰ প্ৰতিবাদত

আনহাতে, ৰাজ্য কপাঁই থকা জাতিধংসী নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভথো সংবাদমেলযোগে দলৰ স্থিতি স্পষ্ট কৰিলে এ এছ ডি চিয়ে ৷ কেব গৃহীত হ'লে কাৰ্বি আংলঙত থকা বহু পৰিত্যক্ত ভূমিত বাংলাদেশী সহজে থিতাপি লোৱাৰ সুবিধা লাভ কৰিব বুলি মন্তব্য কৰে সভাপতি হলিৰাম তেৰাঙে ৷ তেওঁ কয় যে, কেন্দ্ৰীয় কেবিনেটে গৃহীত কৰা কেবে ষষ্ঠ অনুসূচীৰ অন্তৰ্গত এলেকাত যে ইয়াৰ প্ৰভাৱ নপৰে এই বিষয়ে আশ্বস্ত কৰিব পৰা নাই ৷ ইফালে কেবৰ বিৰুদ্ধে শনিবাৰে সন্ধিয়া দীঘলীপুখুৰীত কৃষক মুক্তিয়ে আহ্বান কৰা জোৰ সমদলতো এ এছ ডি চিয়ে অংশ গ্ৰহণ কৰিব বুলি সভাপতি হলিৰাম তেৰাঙে সাংবাদিকৰ আগত জানিবলৈ দিয়ে ৷

আৰু পঢ়ক: "কেব" বিৰোধী আন্দোলনক কঠোৰ হাতেৰে দমন কৰিবলৈ ডি জি পিক নিৰ্দেশ

ABOUT THE AUTHOR

...view details