ডিফু,৮ ছেপ্তেম্বৰ:অস্ত্ৰবিৰতিত থকা কাৰ্বি আংলঙৰ ছয় উগ্ৰপন্থী সংগঠনৰ সৈতে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰে শান্তি চুক্তি কৰাৰ পিছতে বুধবাৰে ডিফুত আড়ম্বৰপূৰ্ণভাবে সংগঠন কেইটাক সম্বৰ্ধনা জনোৱা হয় ৷ তাৰপাছতে ডিফুত এএছডিচি, কেএনচিএ আৰু কেএছএই এক যৌথ সংবাদমেলৰ আয়োজন কৰি চুক্তিটোৰ সন্দৰ্ভত কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷
সংবাদমেলত এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে কয় যে, চুক্তিখনৰ কেতবোৰ দফাৰ প্ৰতি সমৰ্থন আছে যদিও আন কেতবোৰক দিশত এএছডিচি, কেএনচিএ আৰৱ কেএছএৰ মত পাৰ্থক্য আছে ৷
সশস্ত্ৰপন্থা ত্যাগ কৰি মূলসূঁতিলৈ ওভতি আহি জিলাখনত শান্তিৰ বাতাবৰণ গঢ়ি তোলাৰ বাবে সংগঠন সমূহক আদৰণি জনায় যদিও ষাঠিৰ দশকৰ পৰাই ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ বাবে থকা ২৪৪ (ক)ৰ অধীনত অসমক বিভাজন নকৰাকৈ এখন স্বায়ত্তৰাজ্যৰ দাবীত চলাই অহা আন্দোলনক কংগ্ৰেছ আৰু বিজেপিৰ কোনোৱে গুৰুত্ব প্ৰদান নকৰিলে ৷
এইলৈ দুয়োটা দলে নিৰ্বাচনৰ পূৰ্বে প্ৰদান কৰা প্ৰতিশ্ৰুতি সমূহ বাস্তৱায়িত নহ'ল ৷ এই চুক্তিৰ জৰিয়তে কাৰ্বি আংলংবাসীৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ খৰ্ব কৰিলে বুলি অভিযোগ কৰে এএছডিচিৰ সভাপতি চন্দ্ৰকান্ত তেৰাঙে ৷ চুক্তিখনত পৰিষদৰ বৰ্ধিত ১০ খন আসন মুকলি বাবে সংৰক্ষিত নাৰাখি সকলো আসনেই জনজাতি সকলৰ বাবে সংৰক্ষিত ৰখা উচিত আছিল বুলি মন্তব্য কৰে ৷
লগতে পঢ়ক : বৃহস্পতিবাৰে নিমাতীঘাটলৈ যাব মুখ্যমন্ত্ৰী; বুজ ল’ব পৰিস্থিতিৰ