অসম

assam

চৰকাৰৰ Give & Take Policy নীতিৰ তীব্ৰ বিৰোধিতা কাৰ্বি সংগঠনৰ

By

Published : Aug 18, 2021, 2:29 PM IST

অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যা(Border Dispute) সমাধানৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা ‘দিয়া-লোৱা’ নীতিৰ(Give & Take Policy) বিৰোধিতা কাৰ্বি আংলঙৰ তিনিটা সংগঠন ASDC, KNCA আৰু KSAৰ ৷ কাৰ্বি আংলঙৰ সীমান্ত নাগালেণ্ডৰ সৈতে সীমা সমস্যাৰ সমাধান বিচাৰি মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে সংগঠন তিনিটাই ৷

karbi union pressmeet on border dispute
কাৰ্বি সংগঠনৰ সংবাদমেল

ডিফু, 18 আগষ্ট : কাৰ্বি আংলং জিলা সংলগ্ন অসম আৰু ইয়াৰ চুবুৰীয়া ৰাজ্যৰে থকা সীমা সমস্যাসমূহ(Border Dispute) চৰকাৰৰ ‘দিয়া-লোৱা’ নীতিৰে(Give & Take Policy) সমাধান কৰাতো কোনো পধ্যেই মানি লোৱা নহয় ৷ এই হুংকাৰ প্ৰদান কৰে কাৰ্বি আংলঙৰ বিৰোধী ৰাজনৈতিক দল অট’নমাচ ষ্টেট ডিমাণ্ড কমিটী চমুকৈ ASDC, অগ্ৰণী মহিলা সংগঠন কাৰ্বি নিমচ’ চিংথুৰ আচং চমুকৈ KNCA আৰু কাৰ্বি ছাত্ৰ সন্থা KSAই ৷

চৰকাৰৰ Give & Take Policy নীতিৰ তীব্ৰ বিৰোধিতা

মঙলবাৰে ডিফুস্থিত ASDCৰ মুখ্য কাৰ্যালয়ত ASDC, KSA আৰু KNCAই যৌথভাৱে আয়োজন কৰা এক সংবাদমেলত এই কথা সদৰী কৰে সংগঠন কেইটাৰ সদস্যই ৷ পশ্চিম কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী মেঘালয় আৰু কাৰ্বি আংলঙৰ সীমান্ত নাগালেণ্ডৰ সৈতে সীমা সমস্যাৰ আশু-সমাধান বিচাৰি কাৰ্বি আংলং জিলা উপায়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এক স্মাৰক পত্ৰ প্ৰেৰণ কৰে তিনিওটা সংগঠনে ৷

বিগত 24 জুলাইত মুখ্যমন্ত্ৰী পৰ্যায়ৰ বৈঠকত অসমৰ চুবুৰীয়া ৰাজ্যৰে থকা দীৰ্ঘদিনীয়া সীমা সমস্যা সমাধানৰ বাবে লোৱা উদ্যোগক আদৰণি জনায় যদিও চৰকাৰৰ ‘দিয়া-লোৱা’ নীতিৰ তীব্ৰ বিৰোধিতা কৰে তিনিওটা সংগঠনৰ নেতৃবৰ্গই ৷ দীৰ্ঘদিন ধৰি পাৰ্বত্য জিলা দুখনৰ ভূমি চুবুৰীয়া ৰাজ্য নাগালেণ্ড আৰু মেঘালয়ে বেদখল কৰি আহিছে ৷

লগতে পঢ়ক :চৰকাৰৰ অৱহেলাৰ বাবেই অব্যাহত আছে আন্তঃৰাজ্যিক সীমা বিবাদ : টাইপা

লগতে সীমান্ত অঞ্চলত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) নিৰ্মাণ কাৰ্য তথা উন্নয়ণমূলক কাম-কাজত চুবুৰীয়া ৰাজ্য মেঘালয়ে বাধা আৰোপ কৰি আহিছে বুলিও অভিযোগ উত্থাপন কৰিছে সংগঠনৰ নেতৃবৰ্গই ৷ এই ক্ষেত্ৰত অসম চৰকাৰে সদায় নীৰৱ ভূমিকা গ্ৰহণ কৰাৰ লগতে কাৰ্বি আংলঙক মাহী আইৰ দৃষ্টিৰে চোৱা বুলি আক্ষেপ কৰে সংগঠন তিনিটাই ৷

পাৰ্বত্য জিলা দুখনৰ সৈতে সংলগ্ন চুবুৰীয়া ৰাজ্য দুখনৰ সীমা সমস্যা সমাধানৰ বাবে সংগঠন তিনিটাই স্মাৰক পত্ৰখনত কেতবোৰ দিহা-পৰামৰ্শ আগবঢ়াইছে ৷ সেই অনুসৰি, আন্তঃৰাজ্যিক সীমান্তত সকলো বে-আইনী বেদখল উচ্ছেদ কৰা, কেন্দ্ৰীয় চৰকাৰৰ উপস্থিতিত সীমান্তত হোৱা নিৰ্মাণ বাজেয়াপ্ত কৰা, চাৰ্ভে অৱ ইণ্ডিয়া(Survey Of India)ৰ উপস্থিতিত সীমান্তত দুয়োখন ৰাজ্যৰ যুটীয়া জৰীপ, বেদখলকাৰীয়ে বিনষ্ট কৰা সীমান্তৰ খুঁটি নিৰ্মাণ, তহলদাৰী চকী, আৰক্ষীৰ সংখ্যা বৃদ্ধি, উপ আৰক্ষী চকী, বিদ্যালয়, পানী যোগান আঁচনি স্থাপন, সীমান্তত পথ নিৰ্মাণৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণৰ পৰামৰ্শ আগবঢ়ায় ৷

লগতে পঢ়ক :দুই ফৈদৰ সংঘাতত উত্তাল হাইলাকান্দি

ABOUT THE AUTHOR

...view details