অসম

assam

ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্তৰাজ্যৰ দাবীক লৈ সৰৱ ASDC - পুনৰ স্বায়ত্ত্বশাসিত ৰাজ্যৰ দাবীৰ প্ৰসংগ

কাৰ্বি আংলং জিলালৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী (PM Modi to visit Karbi Anglong)। তাৰ প্ৰাক ক্ষণত পুনৰ স্বায়ত্ত শাসিত ৰাজ্যৰ দাবীৰ প্ৰসংগ (Demand for autonomous state)। কাৰ্বি আংলঙকে ধৰি পাহাৰীয়া জিলাকেইখনক স্বায়ত্ত শাসিত ৰাজ্য ঘোষণা কৰিবলৈ দাবী জনায় ৰাজনৈতিক দল এএছডিচিয়ে । প্ৰধানমন্ত্ৰী এই কাৰ্যসূচীত ঘোষণা নকৰিলে আগন্তুক দিনত পুনৰ প্ৰতিবাদ আৰম্ভ কৰিব দলটোৱে ।

Diphu
প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্ত্বৰাজ্যৰ দাবীকলৈ সৰৱ ASDC

By

Published : Apr 26, 2022, 5:43 PM IST

ডিফু,২৬ এপ্ৰিল :অহা ২৮ এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কাৰ্বি আংলং জিলাৰ লৰিনথেপিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব (PM Modi to visit Karbi Anglong)। প্ৰধানমন্ত্ৰীৰ কাৰ্যসূচীক কেন্দ্ৰ কৰি সমগ্ৰ জিলাখনতে ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে । ইয়াৰ মাজতে পুনৰ স্বায়ত্ব শাসিত ৰাজ্যৰ দাবীৰ প্ৰসংগ । দীৰ্ঘদিনীয়া এই দাবীক লৈ সৰৱ হৈ পৰিছে পাহাৰীয়া জিলাকেইখনৰ আঞ্চলিক ৰাজনৈতিক দল এএছডিচি (ASDC demands autonomous state)।

ডিফুত এক সংবাদমেলৰ আয়োজন কৰি পাহাৰীয়া জিলাকেইখনৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবীক লৈ পুনৰ সৰৱ হৈ পৰে দলটো । দলৰ সভাপতি-সম্পাদক ক্ৰমে চন্দ্ৰকান্ত তেৰাং আৰু জৎচন বে'ৰ উপস্থিতিত এই সংবাদমেলৰ আয়োজন কৰা হয় । দলটোৰ নেতৃবৰ্গৰ অভিযোগ ১৯৭১ চনতে পাহাৰীয়া এলেকাটোৱে স্বায়ত্ব শাসিত ৰাজ্যৰ মৰ্যদা লাভৰ সুযোগ হেৰুৱাইছে (Demand of autonomous state)।

বিগত সময়চোৱাত নিৰ্বাচনৰ প্ৰাকক্ষণত বিজেপি দলৰ কেন্দ্ৰীয় নেতৃত্বই কাৰ্বি আংলং আৰু অসমৰ পাহাৰীয়া জিলাকেইখনক সামৰি এখন স্বায়ত্ত শাসিত ৰাজ্য গঠনৰ দাবীক মান্যতা দিয়াৰ দাবীৰ কথা পুনৰ সোঁৱৰাই দিয়ে দলটোৱে ।

প্ৰধানমন্ত্ৰীৰ ভ্ৰমণৰ পূৰ্বে স্বায়ত্ত্বৰাজ্যৰ দাবীকলৈ সৰৱ ASDC

নেতৃবৰ্গৰ দাবী অনুসৰি, ২০০৯ চনত খেৰণিৰ এক সভাত তেতিয়াৰ উপ-প্ৰধানমন্ত্ৰী লালকৃষ্ণ আদৱানি, ইয়াৰ পিছত ডকমকাত অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত তেতিয়াৰ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি ৰাজনাথ সিঙে বিজেপি দলে চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'লে স্বায়ত্বশাসিত ৰাজ্যৰ দাবীক বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । ইয়াৰ উপৰিও ২০১৬ চনৰ বৈঠালাংছ' বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচন, ২০১৭ চনৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন আৰু ২০১৯ চনৰ দেশৰ সাধাৰণ নিৰ্বাচনতো বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত স্বায়ত্বশাসিত ৰাজ্যৰ দাবীক (Demand for autonomous state) স্থান দিয়া হৈছিল ।

ইয়াৰ উপৰিও বিজেপি দলৰ সাধাৰণ সম্পাদক তথা সাংসদ তাপিৰ গাৱে এক পত্ৰযোগে কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি এখন স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল । ইয়াৰ পিছতো আজি পৰ্যন্ত এই দীৰ্ঘদিনীয়া দাবী পূৰণৰ ক্ষেত্ৰত চৰকাৰে কোনো যোগাত্মক পদক্ষেপ গ্ৰহণ নকৰিলে বুলি মন্তব্য কৰে দলটোৱে ।

সেয়ে প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্বি আংলং ভ্ৰমণৰ সময়তে বিজেপিৰ প্ৰতিশ্ৰুতি অনুসৰি এখন স্বায়ত্ত শাসিত ৰাজ্য গঠন কৰাৰ কথা ঘোষণা কৰাৰ বাবে সংবাদমেলযোগে প্ৰধানমন্ত্ৰীক দলটোৱে আহ্বান জনায় । অন্যথা দলটোৰ প্ৰকৃত স্বৰূপ পোহৰলৈ আহিব বুলি দাবী কৰে এএছডিচিৰ নেতাসকলে ।

আনহাতে, পৰৱৰ্তী সময়ত পুনৰ আন্দোলন আৰম্ভ কৰিব বুলিও দলটোৱে দাবী উত্থাপন কৰে । ইফালে প্ৰধানমন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি এই সম্পৰ্কত এখন স্মাৰকপত্ৰ প্ৰদান কৰাৰ বাবেও এএছডিচি দলৰ তৰফৰ পৰা জিলা উপায়ুক্তৰ জৰিয়তে প্ৰচেষ্টা অব্যাহত ৰখা বুলি সংবাদমেলত দলটোৰ জ্যেষ্ঠ নেতা দুগৰাকীয়ে উল্লেখ কৰে ।

আনহাতে, কাঞ্চাচডিকমৰ তৰফৰ পৰাও ডিফুত এক সংবাদমেলৰ আয়োজন কৰি প্ৰধানমন্ত্ৰীগৰাকীক পাহাৰীয়া জিলাখনলৈ আদৰণি জনায় । প্ৰধানমন্ত্ৰীৰ কাৰ্বি আংলং জিলাৰ আগমনে পাহাৰীয়া এলেকাটোৰ দীৰ্ঘদিনীয়া ৰাজনৈতিক দাবীয়ে বাস্তৱ ৰূপ লাভ কৰিব বুলিও আশাবাদী সংগঠনটো ।

লগতে পঢ়ক :মুখ্যমন্ত্ৰীৰে পৰ্যালোচনা সভা সন্দৰ্ভত এএছডিচি সঁজাতি দলৰ সংবাদমেল

ABOUT THE AUTHOR

...view details