অসম

assam

ETV Bharat / state

ডিফুৰ বোৱতী নৈত বিসৰ্জন দিয়া হ'ল তৰুণ গগৈৰ অস্থি - প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈ

শান্তি সদ্ভাৱনা যাত্ৰাৰ অংশ হিচাপে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰণ গগৈৰ চিতা ভষ্ম লা কংগ্ৰেছৰ এটা দল দেওবাৰে কার্বি আংলং জিলাৰ ডিফুত উপস্থিত হয় ৷ সর্বধৰ্ম র্প্রার্থনাৰে প্রয়াত নেতাগৰাকীৰ চিতাভস্ম ডিফু নৈত বিসর্জন দিয়ে কংগ্ৰেছৰ দলীয় কৰ্মী সকলে ।

ashes of tarun gogoi reaced diphu
ডিফুৰ বোৱতী নৈত বিসৰ্জন দিয়া হ'ল তৰুণ গগৈৰ অস্থি

By

Published : Dec 27, 2020, 7:13 PM IST

ডিফু, ২৭ ডিচেম্বৰঃ সদ্য প্রয়াত অসমৰ প্রাক্তন মুখ্যমন্ত্রী তৰুণ গগৈৰ চিতাভস্ম দেওবাৰে কার্বি আংলং জিলাৰ ডিফু নৈত বিসর্জন দিয়া হয়। এই উদ্দেশ্যে, পুৱাৰ ভাগত ডিফু চহৰৰ মাজ মজিয়াত থকা চেমচনছিং ইংতি স্মৃতি উদ্যানত এক সর্বধৰ্ম র্প্রার্থনা অনুষ্ঠিত কৰে কংগ্ৰেছৰ দলীয়া সদস্য সকলে।

উল্লেখ্য যে যোৱা ৯ ডিচেম্বৰৰ পৰা আৰম্ভ হোৱা শান্তি সদ্ভাৱনা যাত্ৰাৰে প্ৰয়াত তৰণ গগৈৰ চিতা ভষ্ম এতিয়ালৈকে ১৮ খন জিলাত বিসৰ্জন দিয়া হৈছে ৷ উক্ত কাৰ্যসূচী অংশ হিচাপে নেতা গৰাকীৰ চিতা ভস্ম আজি কার্বি আংলং জিলাৰ ডিফুত উপস্থিত হয় ৷ সর্বধৰ্ম র্প্রার্থনা অনুষ্ঠিত হোৱাৰ পিছতে কংগ্ৰেছ দলৰ দলীয় কৰ্মী সকলে ডিফুৰ বিক্রিয়েশ্যন পার্কস্থিত ডিফু নদীত প্রয়াত নেতাগৰাকীৰ চিতাভস্ম বিসর্জন দিয়ে ।

উক্ত অনুষ্ঠানত প্রদেশ কংগ্রেছৰ সম্পাদক দাদু টায়ে, প্রদেশ কংগ্রছৰ মুখপাত্র ডাঃ মংৰে ৰংপি, কার্বি আংলং জিলা কংগ্রেছৰ কার্যকৰী সভাপতি অশােক টেৰণকে ধৰি দলটোৰ ভালেসংখ্যক নেতা-কর্মীৰ লগতে ছাত্র সংগঠনৰ বহু কেইজন প্রতিনিধি উপস্থিত থাকে।

লগতে পঢ়ক-ক্ৰমাৎ নিঃচিহ্ন হোৱাৰ পথত লখিমপুৰৰ ঐতিহাসিক ঘূণাসূঁতি


ABOUT THE AUTHOR

...view details