ডিফু,১৩ এপ্ৰিলঃ ৰাজ্যৰ বিভিন্ন জিলাৰ সমান্তৰালকৈ পশ্চিম কাৰ্বি আংলঙতো মঙলবাৰে বিয়লি প্ৰবল ধুমুহা শিলাবৃষ্টি আহে ৷ এই ধুুমুহা-শিলাবৃ্ষ্টিৰ ফলত জিলাখনৰ বহু লোকৰ ঘৰ দুৱাৰ ধ্বংস হোৱাৰ লগতে বিস্তৰ ক্ষতিসাধন হৈছে গছ-গছনিসমূহৰ ৷ ইফালে ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাত যাতায়াতৰ লগতে ব্যাহত হৈ পৰিছে বিদ্যুৎ যোগান ব্যৱস্থা ৷
পশ্চিম কাৰ্বি আংলঙত প্ৰবল ধুমুহা-শিলাবৃষ্টি - কাৰ্বি আংলং জিলা
পশ্চিম কাৰ্বি আংলঙত প্ৰবল ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত ধ্বংস হয় বহু লোকৰ ঘৰ-দুৱাৰ ৷ লগতে উভালি পৰে প্ৰকাণ্ড গছ ৷
পশ্চিম কাৰ্বি আংলঙত প্ৰৱল ধুমুহা-শিলাবৃষ্টি
আনহাতে কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুৰ লগতে ইয়াৰ নিকটৱৰ্তী এলেকাতো ধুমুহাৰ আংশিক প্ৰভাৱ পৰিছে বুলি জানিব পৰা গৈছে ৷ ইফালে এই ধুমুহাত কোনো লোক হতাহতৰ খবৰ পোৱা হোৱা নাই ৷
লগতে পঢ়ক- কান্ধত ঢোল লৈ ঢোলত চাপৰ দিলে 80 বছৰীয়া ককাই