ভগা দলঙে জ্বলা-কলা খুৱাইছে কাৰ্বি পাহাৰৰ ৰাইজক - ভগা দলং
ভগা দলঙে জ্বলা-কলা খুৱাইছে বোকাজান মহকুমাৰ পাকলাংছ'ৰ ৰাইজক ৷ ৰাইজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হৈছে ভগা দলং৷
কাৰ্বি আংলং,29 জুলাইঃ কাৰ্বি আংলং আৰু ভগা কাঠৰ দলঙৰ সম্পৰ্ক বহুদিনীয়া ৷ এতিয়াও একেই অৱস্থা এতিয়া কাৰ্বি পাহাৰৰ ৰাইজৰ ৷ বহু ঠাইত নিজৰ ঘৰলৈ যাবলৈ নোহোৱা হৈছে পথ ৷ সম্পূৰ্ণ শোচনীয় অৱস্থা বোকাজান মহকুমাৰ পাকলাংছ'ৰ ৷ ২০ খনতকৈও অধিক গাঁওক সংযোগ কৰিছে এখন দলঙে ৷ কিন্তু নিজৰ গাঁওখনক সংযোগ কৰা দলঙখন ভাঙি পৰাত এতিয়া অসহায় গাঁওবাসী । কণ কণ শিক্ষাৰ্থী সকলে দলং নোহোৱাৰ বাবে যাব নোৱাৰা হৈছে বিদ্যালয়লৈ।অৱশেষত ৰাইজে নিজৰ গাঁঠিৰ ধন ভাঙি মেৰামতি কৰিব লগীয়া হৈছে ভগা দলং। আশ্বৰ্যকৰ কথা যে,গাঁৱৰ ৰাইজে জনপ্ৰতিনিধিক মেৰামতিৰ বাবে আবেদন কৰিলেও নিজে বনাই লবলৈ উপদেশ দিয়ে আৰু বনোৱাৰ পিছত মেৰামতিৰ ধন দিম বুলি বিভিন্ন অজুহাত দেখুৱাই ৰাইজক অৱহেলা কৰি আহিছে । এনেদৰেই এতিয়া অব্যাহত আছে কাৰ্বি পাহাৰৰ উন্নয়নৰ নমুনা ৷