ডিফু, ২০ আগষ্ট :শনিবাৰে কাৰ্বি আংলঙ জিলাৰ বাবে ডিফু ফাৰ্মাৰ্চ গ্ৰ'থ চেণ্টাৰৰ প্ৰেক্ষাগৃহত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱৰ উদ্যোগত আয়োজন কৰা হয় এক বিশেষ অনুষ্ঠানৰ ৷ এই অনুষ্ঠানতে অসম চৰকাৰৰ অভিলাষী আঁচনি ‘‘অৰুণোদয় মাহ’’ৰ উদ্বোধন কৰা হয় (Aronodoi month inouguration in Karbi Anglong) ৷ ডিফুত অসম চৰকাৰৰ এই আঁচনিৰ শুভ উদ্বোধন কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে ৷
আনকি এই আঁচনিখনৰ জৰিয়তে দৰিদ্ৰ সীমা ৰেখাৰ তলৰ প্ৰতিটো পৰিয়ালে যাতে সুবিধা লাভ কৰে সেই সন্দৰ্ভত শুৰুত্ব আৰোপ কৰে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে ৷ তেওঁ উল্লেখ কৰা অনুসৰি, কাৰ্বি আংলঙ জিলাত মুঠ 46,500 গৰাকী হিতাধিকাৰী আছে ৷
কাৰ্বি আংলং জিলা উপায়ুক্ত দিবাকৰ নাথে আদৰণি ভাষণ প্ৰদান কৰাৰ পিছত জাতীয় সংগীতেৰে গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিৰ শুভাৰম্ভ হয় ৷ ইয়াৰে 83 গৰাকী হিতাধিকাৰীৰ চৰকাৰী চাকৰি থকাৰ বাবে চৰকাৰৰ নিৰ্দেশ অনুসৰি স্ব-ইচ্ছাই অৰুণোদয় আঁচনি ত্যাগ কৰে ৷ সেয়ে এই আঁচনিখন ত্যাগ কৰা কেইবাগৰাকী ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷