অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত শিশু দিৱস উদযাপন - কাৰ্বি আংলঙত সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত শিশু দিৱস উদযাপন

ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰ হাইস্কুলত সেনাৰ তৰফৰ পৰা ১৫ খন চাইকেল বিতৰণ কৰা হয় ৷ ইয়াৰে প্ৰায় ৫ গৰাকী ছাত্ৰ আৰু 10 গৰাকী ছাত্ৰীৰ মাজত চাইকেলসমূহ বিতৰণ কৰা হয় ৷

শিশু দিৱস উদযাপন

By

Published : Nov 14, 2019, 11:43 PM IST

ডিফু, ১৪ নৱেম্বৰ: ভাৰতীয় সেনাৰ সদ্ভাৱনা আৰু মানৱীয় প্ৰমূল্য বোধৰ অংশস্বৰূপে ভাৰতীয় সেনাৰ ৰেড হৰ্ণ ডিভিজনৰ উদ্যোগত কাৰ্বি আংলঙৰ বিভিন্ন স্থানত ছাত্ৰ-ছাত্ৰী আৰু সামাজিক অনুষ্ঠানলৈ সাহায্য বিতৰণ কৰা হয় ৷ ডিফুৰ সমীপৱৰ্তী বৰলাংফেৰ হাইস্কুলত সেনাৰ তৰফৰ পৰা ১৫ খন চাইকেল বিতৰণ কৰা হয় ৷

শিশু দিৱস উদযাপন

ইয়াৰে প্ৰায় ৫ গৰাকী ছাত্ৰ আৰু 10 গৰাকী ছাত্ৰীৰ মাজত চাইকেলসমূহ বিতৰণ কৰা হয় ৷ ইয়াৰোপৰি সেনা বাহিনীৰ উদ্যোগত বৃহস্পতিবাৰে জিলাখনৰ মাঞ্জাস্থিত চেৰপ' ইংতি প্ৰাথমিক বিদ্যালয়ত শিশু দিৱস পালন কৰাৰ লগতে ছাত্ৰ- ছাত্ৰীৰ মাজত সেনাই বিভিন্ন উপহাৰ সামগ্ৰীও বিতৰণ কৰে ৷

শিশু দিৱস উদযাপন

ছাত্ৰ-ছাত্ৰী সকলৰ লগতে ভালে সংখ্যক লোক আৰু গাওঁবুঢ়াৰ উপস্থিতিত অনুষ্ঠিত এই অনুষ্ঠানত ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীও পৰিৱেশন কৰে ৷ শিশু সকলৰ মাজত শিশু দিৱসৰ তাৎপৰ্যৰ বাখ্যা আগবঢ়োৱা হয় ৷

শিশু দিৱস উদযাপন

আনহাতে সেনাৰ সদ্ভাৱনা অভিযানৰ অধীনত চাইজাঙৰ এটা কমিউনিটি ভৱনলৈ ১০ খন মেজ আৰু ৫০ খন চকী বিনামূলীয়াকৈ বিতৰণ কৰা হয়

শিশু দিৱস উদযাপন

লগতে পঢ়কঃএইবাৰ পাকঘৰত সোমাল বনৰজা

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details