অসম

assam

ETV Bharat / state

Ammunition recovered: ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ - SP Sanjeev Kumar Saikia press meet

উগ্ৰপন্থী বিৰোধী অভিযান অব্যাহত থকাৰ মাজতে ডিফুত আৰক্ষীৰ বৃহৎ সফলতা । ডিফুৰ সমীপৰ ধনশিৰি পথৰ হাতী কেম্পৰ হাবিৰ মাজত বৃহৎ পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ডিফু আৰক্ষী(Ammunition and explosives recovered at Diphu) ।

arms and ammunation recovered at diphu
ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

By

Published : Oct 22, 2022, 11:30 AM IST

ডিফু,২১ অক্টোবৰ: চৰকাৰে কাৰ্বি শান্তি চুক্তিৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙত চিৰ শান্তি প্ৰতিষ্ঠা কৰাৰ দাবী কৰি আহিছে যদিও শুকুৰবাৰে সন্ধিয়া ডিফুৰ সমীপৰ ধনশিৰি পথৰ হাতী কেম্পৰ হাবিৰ মাজত বৃহৎ পৰিমাণৰ গোলাবাৰুদ উদ্ধাৰ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে(Ammunition and explosives recovered at Diphu) ।

ডিফুত বৃহৎ পৰিমাণৰ অস্ত্ৰ ভাণ্ডাৰ উদ্ধাৰ

প্ৰাপ্ত খবৰ অনুসৰি এক গোপন সুত্ৰৰ পম খেদি শুকুৰবাৰে সন্ধিয়া ৬.৩০ মান বজাত ডিফু ধনশিৰি পথৰ হাতী কেম্পৰ সমীপৰ হাবিত মাটিৰ তলত পুতি থোৱা অৱস্থাত গোলা বৰুদ খিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী । কাৰ্বি আংলঙৰ আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াৰ নেতৃত্বত চলিছিল অভিযান ।

নৱ নিযুক্ত আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়াই(Superintendent of Police Sanjeev Kumar Saikia) ডিফু থানত আয়োজন কৰা এক সংবাদমেলত কয় যে(SP Sanjeev Kumar Saikia press meet), উক্ত অভিযানত দুটা গ্ৰেনেড, Ak47 ৰ ৬৯ জাঁই সজীৱ গুলী, ১২টা এছএলআৰ, দুটা পিষ্টলৰ মেগজিনৰ লগতে এটা AK47 ৰ মেগজিন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । অস্ত্ৰশস্ত্ৰখিনি মাটিত পুতি থোৱা সময় প্ৰায় ৪ মাহ হ'ব পাৰে বুলি আৰক্ষী অধীক্ষক গৰাকীয়ে জানিবলৈ দিয়ে ।

অস্ত্ৰশস্ত্ৰ খিনি ডিমাছা উগ্ৰপন্থী DNLT(Dimasa National Liberation Terrorist) ৰ সদস্যৰ হব পাৰে বুলি সন্দেহ কৰা হৈছে । এই সন্দৰ্ভত বৰ্তমানলৈ কোনো লোকক আটক কৰিবলৈ সক্ষম হোৱা নাই যদিও তদন্ত অব্যাহত ৰখা হৈছে বুলি জানিব দিয়ে ।

ইয়াৰ পূৰ্বেও গণৰাজ্য দিৱসৰ প্ৰাক মূহুৰ্তত ডিফুত উদ্ধাৰ হৈছিল বৃহৎ পৰিমাণৰ বিষ্ফোৰক, হেণ্ড গ্ৰেণেড আৰু অস্ত্ৰ-শস্ত্ৰ (Weapons including explosives recovered) ৷

লগতে পঢ়ক:Assam workers victimized in Arunachal Pradesh: নিৰ্যাতনৰ বলি হৈ অৰুণাচলৰ পৰা পলাই আহি মৰাণত উপস্থিত 14 শ্ৰমিক

ABOUT THE AUTHOR

...view details