ডিফু, 1 জুলাই : অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এ পি এইচ এল চিৰ মুখপাত্ৰ আংতং ইংতি কথাৰক গ্ৰেপ্তাৰ ৷ সদ্যসমাপ্ত কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনত দলটোৰ হামৰেণ সমষ্টিৰ প্ৰাৰ্থী হোৱাৰ লগতে আঞ্চলিকতাবাদৰ এক বলিষ্ঠ কণ্ঠ হিচাপে পাহাৰৰ ৰাজনীতিত এক সুকীয়া পৰিচয় আছে যুৱনেতা আংতং ইংতি কাথাৰ ৷ শুকুৰবাৰে ডিফুত আৰক্ষীয়ে অকস্মাত কাথাৰক গ্ৰেপ্তাৰ কৰে (APHLC spokesperson Angtong Ingti Kathar arrested) ৷ এই ঘটনাক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
জানিব পৰা মতে, শুকুৰবাৰে কোনো গোচৰৰ শুনানিত হাজিৰ হোৱাৰ বাবে যুৱনেতা গৰাকী ডিফু আদালতত উপস্থিত হোৱাৰ পিছতে আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে (Angtong Ingti Kathar arrested)। ইফালে, আংতং ইংতিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ বাতৰি লাভ কৰাৰ লগে লগে দলটোৰ কৰ্মকৰ্তাসকলে আৰক্ষীৰ সৈতে যোগাযোগ কৰিও কোনো সুদূত্তৰ লাভ নকৰা বুলি অভিযোগ কৰে । পৰৱৰ্তী সময়ত কাথাৰক মাঞ্জাৰ চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষা কৰোৱাৰ অন্তত পুনৰ আদালতত হাজিৰ কৰোৱাই কাৰাগাৰলৈ প্ৰেৰণ কৰা হয় ।
ইফালে, আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ প্ৰসংগক লৈ আদালত চৌহদৰ বাহিৰত এক উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয় । আংতং ইংতি কাথাৰৰ গ্ৰেপ্তাৰৰ পিছতে দলটোৰ সভাপতি জন ইংতি কাথাৰে ডিফুস্থিত নিজা বাসভৱনত এক সংবাদমেলৰ আয়োজন কৰি যুৱনেতাগৰাকীৰ গ্ৰেপ্তাৰক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ।
2021 আৰু 2015 চনৰ দুটা গোচৰত ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰা আৰোপ কৰি আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা বুলি মন্তব্য কৰে জন ইংতি কাথাৰে ৷ কাৰ্বি আংলঙক বংগভূমিলৈ পৰিণত কৰাৰ স্বাৰ্থত বংগসেনা আৰু আৰ এছ এছৰ ষড়যন্ত্ৰৰ পৰিণতিত আংতং ইংতি কাথাৰক গ্ৰেপ্তাৰ কৰা হৈছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে দলটোৰ সভাপতিগৰাকীয়ে ।
এ পি এইচ এল চিৰ সভাপতিকে ধৰি আংতং ইংতি কাথাৰ আৰু বিক্ৰম হাঞ্চেক যিকোনো সময়তে আক্ৰমণ তথা হত্যা কৰাৰ সম্ভাৱনা থকা বুলি পূৰ্বেও খবৰ লাভ কৰা বুলি সংবাদমেলত উল্লেখ কৰে সভাপতি জন ইংতি কাথাৰে ৷ দলটোৰ কোনো নেতা-কৰ্মী আক্ৰমণ অথবা হত্যাৰ বলি হʼলে চৰকাৰখনেই ইয়াৰ বাবে জগৰীয়া হʼব বুলি সংবাদমেলত উল্লেখ কৰে সভাপতি গৰাকীয়ে ।