অসম

assam

ETV Bharat / state

স্বায়ত্ব শাসিত পৰিষদৰ ক্ষমতা উপায়ুক্তৰ হাতলৈ যোৱাৰ আশংকা !

ডিফুস্থিত জিলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন এপিএইছএলচি(APHLC)ৰ ৷ পৰিষদৰ নেতৃবৰ্গকো দুৰ্নীতিমুক্তভাৱে কাম কৰি যাবলৈ আহ্বান জনাই বিটিআৰ মডেল গ্ৰহণ নকৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনায় এপিএইছএলচিয়ে ৷

বিটিচি (BTC)ৰ ক্ষমতা জিলা উপায়ুক্তলৈ হস্তান্তৰৰ বিৰোধীতা APHLC
বিটিচি (BTC)ৰ ক্ষমতা জিলা উপায়ুক্তলৈ হস্তান্তৰৰ বিৰোধীতা APHLC

By

Published : Jun 30, 2021, 7:24 PM IST

ডিফু, 30 জুন :ৰাজ্যৰ স্বায়ত্ব শাসিত জিলা পৰিষদৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতলৈ ঘূৰাই নিয়াৰ আশংকা ৷ এই বিষয়ক লৈ জাঙুৰ খাই উঠিছে এপিএইছএলচি(APHLC) ৷ শেহতীয়াকৈ বিটিআৰৰ ক্ষমতা জিলা উপায়ুক্তলৈ হস্তান্তৰ কৰাৰ তীব্ৰ বিৰোধিতা কাৰ্বি আংলঙৰ বিৰোধী ৰাজনৈতিক দল এপিএইছএলচিৰ ৷

মঙলবাৰ বিয়লি ডিফুস্থিত জিলা প্ৰেছ ক্লাবত এক সংবাদমেলৰ আয়োজন কৰি দলটোৰ সভাপতি জে আই কাথাৰে এনে এক নিৰ্দেশনাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে ৷ সেই সন্দৰ্ভত স্বায়ত্ব শাসনৰ ক্ষমতা ৰাজ্য চৰকাৰৰ হাতত অৰ্পণ কৰা হৈছে বুলি অভিযোগ তোলে কাথাৰে ৷ বিটিআৰৰ অনুকৰণ কৰি কাৰ্বি আংলং আৰু ডিমা হাছাওত স্বায়ত্ব শাসিত পৰিষদতো এই নীতি প্ৰযোজ্য হৈ যাব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে নেতা গৰাকীয়ে ৷

ডিফুৰ জিলা প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন এপিএইছএলচিৰ

উপায়ুক্ত আৰু আৰক্ষী অধীক্ষক গৰাকী ৰাজ্য চৰকাৰৰ ক্ৰমে সাধাৰণ প্ৰশাসন আৰু গৃহ বিভাগৰ ব্যক্তি হোৱাৰ পৰিপ্ৰেক্ষিতত স্বায়ত্ব শাসনৰ ক্ষমতা প্ৰদানৰ বিষয়টো উপায়ুক্তৰ হাতত দিয়া কাৰ্য সম্পূৰ্ণ স্বায়ত্ব শাসনৰ ক্ষমতা ৰাজ্য চৰকাৰক অৰ্পণ কৰা বুজায় বুলি নেতা গৰাকীয়ে প্ৰকাশ কৰে ৷

পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য আৰু সদস্যসকল দুৰ্নীতিগ্ৰস্ত হোৱা বাবে এনে পদক্ষেপ গ্ৰহণ কৰা বুলি উল্লেখ কৰি পৰিষদৰ বিষয়-ববীয়াই এই কথা স্বীকাৰ কৰাৰ দৰে হোৱা বুলি মন্তব্য কৰে নেতাজনে ৷ পৰিষদৰ নেতৃবৰ্গকো দুৰ্নীতিমুক্তভাৱে কাম কৰি যাবলৈ আহ্বান জনাই বিটিআৰ মডেল গ্ৰহণ নকৰিবলৈ কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যক আহ্বান জনায় এপিএইছএলচিয়ে ৷ এই সন্দৰ্ভত এপিএইছএলচি আৰু ডিমাছা নেশ্যনেল কাউঞ্চিলে যৌথভাৱে ডিফু আৰু হাফলঙত দুয়োখন স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যৰ হাতত স্মাৰক পত্ৰ প্ৰদান কৰে বুলি সংবাদমেলত প্ৰকাশ কৰে নেতা গৰাকীয়ে ৷

লগতে চাওকঃকি কি সিদ্ধান্ত গ্ৰহণ কৰিলে ৰাজ্যিক কেবিনেটে ?

ABOUT THE AUTHOR

...view details