অসম

assam

ETV Bharat / state

পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLCৰ প্ৰতিবাদ

কাৰ্বি আংলঙত কাৰ্বি আংলংৰ বিৰোধী ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিৰ প্ৰতিবাদ ৷ কাৰ্বি আংলঙৰ জনজাতীয় লোকসকলক এন্ধাৰত ৰাখি অতি সংগোপনে জিলাখনত পঞ্চায়তী ৰাজ ব্যৱস্থা চলাই যোৱাৰ অভিযোগ এপিএইছএলচিৰ ৷ চৰকাৰে স্থানীয় লোক সকলক ভূমি পট্টা প্ৰদান কৰিব বুলি কৈ প্ৰকৃত মাটিৰ মালিকক ক্ষতিপূৰণৰ ধন বা পট্টা নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্সে ৷

as_01_krb_APHLC_PROTEST_AGAINST_PANCHAYATIRAJ_img_AS10035
পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLC ৰ প্ৰতিবাদ

By

Published : Nov 10, 2020, 7:03 AM IST

ডিফু, ৯ নৱেম্বৰ: পাহাৰীয়া জিলা কাৰ্বি আংলংত অতি সংগোপনে ৰূপায়িত হ'ব ধৰিছে পঞ্চায়তীৰাজ ৷ এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰা পৰিছে কাৰ্বি আংলংৰ বিৰোধী ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচি ৷ সোমবাৰে ডিফুস্থিত ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত এপিএইছএলচিৰ নেতা-কৰ্মী সকলে হাতে হাতে কাৰ্বি আংলঙৰ ভোটাৰ তালিকাৰ পৰা অ জনজাতীয় সকলৰ নাম কৰ্তন কৰক, ভাৰতীয় সংবিধানৰ ষষ্ঠ অনুসূচীৰ অনুচ্ছেদ ২(৭) অনুসৰি ভোটাৰ তালিকা প্ৰস্তুত কৰক,পঞ্চায়তী ৰাজ নচলিব,বাংলাদেশী গ'বেক,বংগ সেনা হুচিয়াৰ আদি শ্ল'গান সম্বলিত পোষ্টাৰ,বেনাৰ লৈ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLC ৰ প্ৰতিবাদ

সংগঠনটোৰ শীৰ্ষ নেতা আংতং ইংতিয়ে কয় যে, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ ছত্ৰ-ছাঁয়াতে, কাৰ্বি আংলঙৰ জনজাতীয় লোক সকলক এন্ধাৰত ৰাখি অতি সংগোপনে জিলাখনত পঞ্চায়তী ৰাজ ব্যৱস্থা চলাই গৈছে ৷ নগাঁও হোজাই আদি জিলাৰ পৰা অজ্ঞাত লোক আৰু ব্যক্তিগত কোম্পানী সমূহ কাৰ্বি আংলঙৰ গ্ৰামাঞ্চলত প্ৰৱেশ কৰি স্থায়ী ঘৰ নম্বৰৰ প্লেট লাভ কৰিছে,যাৰ উত্তৰ বিচাৰি গ'লে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সচিব আৰু বিডিঅ ই উত্তৰ দিব নোৱাৰে ৷

পঞ্চায়তীৰাজৰ বিৰুদ্ধে কাৰ্বি আংলংত APHLC ৰ প্ৰতিবাদ

ষষ্ঠ অনুসূচীৰ সংবিধান প্ৰদত্ত সুবিধা অনুসৰি কাৰ্বি আংলঙত নিজাববীয়াকৈ নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে আইন প্ৰস্তুত কৰি ৰাজ্যপালৰ অনুমোদনৰ বাবে পঠিয়াব নোৱাৰা পৰিষদখনে অসম নিৰ্বাচন আয়োগৰ জৰিয়তে পঞ্চায়তীৰাজ ব্যৱস্থা প্ৰচলন কৰাতহে উঠি পৰি লাগিছে বুলি মন্তব্য কৰি এই সন্দৰ্ভত কাৰ্বি আংলং জিলা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায় ৷ আনহাতে কাৰ্বি আংলং ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ভূমি ক্ষতি পূৰণৰ নামত বৃহৎ কেলেংকীৰী সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে এপিএইছএলচিয়ে ৷

পৰিষদৰ একাংশ কাৰ্যবাহী সদস্যই স্থানীয় লোক সকলক ভূমি পট্টা দিব বুলি কৈ আভুৱা ভৰিছে প্ৰকৃত মাটিৰ মালিকে ক্ষতিপূৰণৰ ধন বা পট্টা পোৱা নাই ৷ সেয়ে প্ৰকৃত হিতাধিকীৰীয়ে পট্টা নোপোৱালৈকে এপিএইছএলচিয়ে তীব্ৰ গণতান্ত্ৰিক আন্দোলন অব্যাহত ৰাখিব বুলিও মন্তব্য কৰে ৷ ইফালে বড়োলেণ্ডৰ নিৰ্বাচনী প্ৰচাৰত মন্ত্ৰী ডাঃ হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ডত অজনজাতীয় লোক সকলে মাটি কিনা-বেচা কৰিব পাৰিব বুলি কৰা মন্তব্যক মন্ত্ৰী গৰাকীৰ ষষ্ঠ অনুসূচী বিৰোধী, সংবিধান বিৰোধী বুলি আখ্যা দিয়াৰ লগতে এনে মন্তব্যক দুৰ্ভাগ্যজনক আখ্যা দিয়ে ৷

লগতে পঢ়ক:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details