ডিফু, 26 মে’ : কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন (KAAC election 2022)ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ সময়ত নিৰ্বাচনী আচৰণ বিধি ভংগৰ অভিযোগ উত্থাপন কৰিছে কাৰ্বি আংলঙৰ আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টি হিলছ লীডাৰ্ছ কনফাৰেন্স চমুকৈ এপিএইচএলচিয়ে । বুধবাৰে ডিফুস্থিত কাৰ্বি আংলং জিলা প্ৰেছ ক্লাৱত আয়োজন কৰা এই সংবাদমেলত উপস্থিত থাকে দলটোৰ সভাপতি জন ইংতি কাথাৰ আৰু মুখপাত্ৰ আংতং ইংতি কাথাৰ ।
নিৰ্বাচন আয়োগে উল্লেখ কৰা অনুসৰি, নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিলৰ সময়ত অনা প্ৰাৰ্থীক বাহন অবিহনে তথা পাঁচজন লোকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশৰ অনুমতি দিয়া হৈছিল ৷ কিন্তু পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং (KAAC Chief Tuliram Ranghang) আৰু কাৰ্যবাহী সদস্য মংগলছিং তিমুঙে এই বিধি ভংগ কৰি বাহনসহ প্ৰৱেশ কৰাৰ লগতে অধিক লোকক লগত লৈ মনোনয়ন পত্ৰ দাখিলৰ বাবে প্ৰৱেশ কৰে ৷ এক সংবাদমেলৰ জৰিয়তে এই অভিযোগ তৰিছে এপিএইচএলচিয়ে ।
এনে কাৰ্যৰ দ্বাৰা দুয়োগৰাকী সদস্যই নিৰ্বাচনী আচৰণ বিধি ভংগ কৰাৰ লগতে এই ক্ষেত্ৰত ন্যায় প্ৰদানৰ বাবে দলটোৱে দাবী জনায় । আনহাতে, তুলিৰাম ৰংহাঙৰ গৃহ সমষ্টি বিথুং ৰেংথামাত অন্য দলৰ সভা-সমিতি অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত গুণ্ডা বাহিনীয়ে বাধাৰ সৃষ্টি কৰি অহা বুলিও অভিযোগ উত্থাপন কৰে এপিএইচএলচিয়ে ৷ সেয়ে পৰৱৰ্তী সময়ত এই ক্ষেত্ৰত আইনৰ সহায় লোৱা হ'ব বুলিও মন্তব্য কৰে এপিএইচএলচিয়ে ।
লগতে পঢ়ক :KAAC Election 2022: প্ৰতিটো পৰিষদীয় সমষ্টিত প্ৰচাৰ চলাব মুখ্যমন্ত্ৰীয়ে