অসম

assam

ETV Bharat / state

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা APHLC ৰ - APHLC demands re holding of KAAC elections

সোমবাৰে ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত ষষ্ঠ অনুসূচী অনুসৰি পুনৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই এপিএইছএলচিয়ে সজাগতামূলক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (APHLC alleged KAAC election in Karbi Anglong illegal) ৷

APHLC demands re-holding of KAAC elections
কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা APHLC ৰ

By

Published : Jul 4, 2022, 9:42 PM IST

ডিফু, ৪ জুলাই: সোমবাৰে ডিফুৰ ছেমছনছিং ইংতি মেম'ৰিয়েল পাৰ্কৰ সন্মূখত ষষ্ঠ অনুসূচী অনুসৰি পুনৰ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ (Karbi Anglong Autonomous Council) নিৰ্বাচন অনুষ্ঠিত কৰাৰ দাবী জনাই এপিএইছএলচিৰ প্ৰায় দহ সহস্ৰাধিক প্ৰতিবাদ কাৰীয়ে সজাগতামূলক বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে (APHLC demands re-holding of KAAC elections) ৷

ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনত জয়ী হৈ ডাঃ তুলিৰাম ৰংহাঙ নেতৃত্বাধীন ত্ৰয়োদশ কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদ গঠন হোৱাৰ পিছত জিলাখনৰ প্ৰধান বিৰোধী আঞ্চলিক ৰাজনৈতিক দল অল পাৰ্টী হিলছ লীডাৰ্চ কনফাৰেন্স চমুকৈ এপিএইছএলচিয়ে অসন্তুষ্টি প্ৰকাশ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা APHLC ৰ

সেয়ে এপিএইছএলচিৰ সমৰ্থক সকলে এপিএইছএলচিৰ সভাপতি অৱসৰ প্ৰাপ্ত আইএছ বিষয়া জে আই কাথাৰৰ নেতৃত্বত ডিফু চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়ায় ৷ প্ৰতিবাদকাৰী সকলে সদ্য সমাপ্ত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনক অবৈধ আখ্যা দিয়াৰ লগতে ত্ৰয়োদশ KAAC নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে ব্যাপক ৰিগিঙৰ অভিযোগ উত্থাপন কৰিছে এপিএইছএলচিৰ নেতা সকলে (APHLC alleged KAAC election in Karbi Anglong illegal) ৷

প্ৰতিবাদকাৰী সকলে 'ন অট'নমাছ ষ্টেট, ন' ৰেষ্ট, বংগ সেনা গ' বেক, বিজেপি গ' বেক, জেআই কাথাৰ জিন্দাবাদ, পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰক, ছিক্সথ ছ্যেডুল লং লিভ আদি শ্ল’গানেৰে প্ৰতিবাদ সাব্যস্ত কৰে ৷

আনহাতে সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত এপিএইছএলচিৰ সভাপতি জে আই কাথাৰে পঞ্চায়তীৰাজ মতে অনুষ্ঠিত কৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচন ষষ্ঠ অনুসূচীৰ সম্পূৰ্ণ অপৰিপন্থী বুলি মন্তব্য কৰে ৷ লগতে পুনৰ KAAC নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দাবী জনায় ৷

লগতে পঢ়ক:ধন দাবী কৰা আৰক্ষী কনিষ্টবল ৰেব লস্কৰক ৰিজাৰ্ভ ক্ল'জ

ABOUT THE AUTHOR

...view details