অসম

assam

ETV Bharat / state

APGCL signed MOS with KAAC: শক্তি বিতৰণ কোম্পানী-কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি - অসম শক্তি বিতৰণ কোম্পানী

অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি (Karbi Langpi Hydro Electric Project) ৷ প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হ’ব এই কাৰ্বি হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্টটো ৷

Karbi Langpi Hydro Electric Project
অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

By

Published : Dec 9, 2022, 8:16 PM IST

ডিফু, 9 ডিচেম্বৰ:কাৰ্বি আংলং জিলাৰ সদৰ চহৰস্থিত অৰ্বোৰেটাম আৰু ক্ৰাফট চেন্টাৰত শুকুৰবাৰে অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APGCL আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ(Karbi Anglong Autonomous Council) মাজত স্বাক্ষৰিত হয় এখন মীমাংসাৰ চুক্তি । অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ মুখ্য প্ৰবন্ধক কানু কমল ভূঞা আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ প্ৰধান সচিব আই এছ মুকুল কুমাৰ শইকীয়া মাজত সম্পন্ন হয় এই চুক্তি স্বাক্ষৰ প্ৰক্ৰিয়া (APGCL signed MOS with KAAC) ।

অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

উল্লেখযোগ্য যে, 24 মেগাৱাট বিদ্যুৎ উৎপাদনৰ বাবে 35 বছৰীয়া চুক্তি সম্পাদন কৰা হৈছে । উক্ত প্ৰকল্পটোৰ বাবে এলেকাটোৰ 171 টা পৰিয়াল ক্ষতিগ্ৰস্ত হ’ব আৰু তেওঁলোকক এই চুক্তিৰ অধীনত 5বছৰৰ বাবে বিনামূলীয়াকৈ বিদ্যুৎ প্ৰদান কৰা হ’ব । তদুপৰি ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ পুনৰ সংস্থাপনৰ বাবে প্ৰায় 34.09 কোটি টকাও মুকলি কৰি দিয়াৰ কথা এই চুক্তিত উল্লেখ কৰা হৈছে ।

অসম শক্তি বিতৰণ কোম্পানী আৰু কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মাজত স্বাক্ষৰিত মীমাংসাৰ চুক্তি

প্ৰায় তিনিশ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি তোলা হ’ব এই কাৰ্বি হাইড্ৰ’ ইলেকট্ৰিক প্ৰজেক্টটো(Karbi Langpi Hydro Electric Project) ৷ এই প্ৰকল্পৰ অধীনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবেও চাকৰি সৃষ্টি কৰাৰ লগতে প্ৰকল্পটোৰ পৰা কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদে 6 শতাংশ লাভাংশ আহৰণ কৰিব পাৰিব বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক:Mission Basundhara 2: ভূমিৰ অধিকাৰ বিচাৰি আবেদন কৰিবলৈ গৈ থমকি ৰৈছে বহু খিলঞ্জীয়া

ABOUT THE AUTHOR

...view details