অসম

assam

ETV Bharat / state

Anti Dengue Operation at Diphu : ডিফুত দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধী অভিযান - গুৱাহাটী চিকিৎসা মহাবিদ্যালয়

ডিফুত ডেংগুৰ ভয়াৱহ সংক্ৰমণ (Dengue at Diphu) ৷ চৰকাৰী তথ্য অনুসৰি ৩০৮ জন আক্ৰান্ত, ৩ জনৰ মৃত্যু ৷ ডিফুত বাহৰ পাতি দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধত লাগিছে আই এ এছ ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া ৷

Anti Dengue Operation at Diphu
ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক ডাঃ এম এছ লক্ষ্মীপ্ৰিয়া

By

Published : Nov 6, 2022, 10:29 AM IST

ডিফু, ৬ নৱেম্বৰ : ডিফুত দৈনিক ডেংগুত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাক লৈ চিন্তিত হৈ পৰিছে ৰাজ্য চৰকাৰ আৰু স্বাস্থ্য বিভাগ (Dengue in Assam)৷ ডেংগু প্ৰতিৰোধৰ মিছন লৈ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ ৰাজ্যিক মিছন সঞ্চালক IAS ডাঃ এম এছ লক্ষ্মীপ্ৰিয়াই শনিবাৰৰ বিয়লিৰ পৰা ডিফুত বাহৰ পাতি পৰিস্থিতি পৰ্যালোচনা কৰিছে (Anti Dengue Operation at Diphu)৷

শনিবাৰে নিশা সাংবাদিকৰ আগত ডেংগু প্ৰতিৰোধৰ বাবে গ্ৰহণ কৰিবলৈ লোৱা পৰিকল্পনা ব্যাখ্যা কৰাৰ পিছতে দেওবাৰে পুৱা ৫-৩০ বজাৰ পৰা বিষয়াগৰাকীয়ে অভিযান আৰম্ভ কৰে ৷ মিছন সঞ্চালকগৰাকীয়ে বৰ্তমানলৈকে ডিফুত ৩০৮ টা ডেংগু পজিটিভ কেচ পোৱা আৰু ৩ গৰাকী ৰোগীৰ মৃত্যু হোৱা বুলি কয় (Death toll of Dengue)৷ দেওবাৰৰ পৰা ডেংগু প্ৰতিৰোধৰ বাবে জনসজাগতা আৰু ডেংগু মহৰ উৎস ধ্বংস কৰাৰ কাম আৰম্ভ কৰিছে ৷

ডিফু চহৰৰ ১৪ টা ৱাৰ্ডৰ বাবে এগৰাকী দণ্ডাধীশ, এগৰাকী চিকিৎসক, ১০ পৰা ৩০ গৰাকী নাৰ্চ, আশাকৰ্মীসহ ৯ টা দল ঘৰে ঘৰে গৈ জ্বৰ হৈ থকা লোক কৰবাত আছে নেকি তাৰ জৰীপ আৰম্ভ কৰিছে ৷ বিষয়াগৰাকীয়ে কয় যে ঠাইতে তেজ পৰীক্ষা কৰিব পৰা সকলো ব্যৱস্থা কৰা হৈছে ৷

ডিফুত দিন-ৰাতি একাকাৰ কৰি ডেংগু প্ৰতিৰোধী অভিযান

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ(Gauhati Medical College and Hospital) পৰা এটা বিশেষজ্ঞৰ দলো আহিছে ৷ ডিফু চিকিৎসা মহাবিদ্যালয়ত ১৮ খন আই চি ইউ বিছনা আছে যদিও তাৰ সংখ্যা ৫১ খনলৈ বৃদ্ধি কৰাৰ উপৰিও ওচৰৰ চৰকাৰী, বেচৰকাৰী সকলো চিকিৎসালয় ডেংগু ৰোগীৰ বাবে সাজু কৰি ৰখা বুলি তেওঁ মন্তব্য কৰে ৷

উল্লেখ্য যে, চৰকাৰী তথ্য অনুসৰি ডিফুত ৩০৮ গৰাকী ডেংগু ৰোগী ধৰা পৰিছে আৰু ৩ গৰাকীৰ মৃত্যু হৈছে ৷ এই তথ্যত বেচৰকাৰী চিকিৎসালয় অথবা ডিমাপুৰত চিকিৎসা কৰা আৰু মৃত্যু হোৱাৰ হিচাপ নাই ৷ বিষয়াগৰাকীয়ে ইয়াৰো তথ্য লোৱা হ’ব বুলি কোৱাৰ লগতে ফামাৰ্চীত জ্বৰৰ টেবলেট চিকিৎসকৰ পৰামৰ্শ ন’হলে নিদিবলৈ আহ্বান জনোৱাৰ লগতে ড্ৰাগছ পৰিদৰ্শকক ব্যৱস্থা লোৱাৰ নিৰ্দেশ দিয়ে ৷

ডিফু মেডিকেল কলেজত(Diphu Medical College) পৰ্যাপ্ত প্লিটিলেট আৰু টেষ্ট কিটকে ধৰি সকলো সামগ্ৰী থকা জানিবলৈ দি তেওঁ (IAS Dr M S Lakshmi Priya) সকলোৰে সহযোগিতাত ডেংগু প্ৰতিৰোধ কৰিব পৰা হ’ব বুলি কয় ৷

লগতে পঢ়ক :Siang river become turbid: হঠাৎ ঘোলা হৈ পৰিছে চিয়াং নদীৰ পানী

ABOUT THE AUTHOR

...view details