ডিফু, 23 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ডিফুৰ বকলীয়াঘাটত সাব্যস্ত কৰা হয় বিশাল প্ৰতিবাদ ৷ কাৰ্বি পাহাৰৰ বিভিন্ন প্ৰান্তৰ পৰা অহা দহ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে এই প্ৰতিবাদী কাৰ্যসূচীত ৷
এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকে ত্ৰিপুৰাৰ সংগ্ৰামী নেত্ৰী পাতাল কন্যা জামাতিয়া, নগালেণ্ডৰ পিয়ুচ ল'থাই, আলোচনাপন্থী আলফা নেতা অনুপ চেতিয়া, বিশিষ্ট সাংবাদিক মনজিৎ মহন্ত, হাইদৰ হুছেইনসহ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ৷