ডিফু, 16 জুলাই : যোৱা ২০ জুনত কাৰ্বি আংলং জিলাৰ (KARBIANGLANG) মাঞ্জা থানাৰ অন্তৰ্গত জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে সৈতে হোৱা সংঘৰ্ষত কুকি উগ্ৰপন্থী সংগঠন ইউপিআৰএফৰ (UPRF) দুই সন্দেহযুক্ত সশস্ত্ৰ কেডাৰ নিহত হোৱা ঘটনাৰ বাবে জিলা দণ্ডাধীশে দণ্ডাধীশ পৰ্যাৰ তদন্ত ঘোষণা কৰিছে ৷ জিলা দণ্ডাধীশৰ তৰফৰ পৰা কেএমজে, ৩৮৩/এনএইছআৰচি /ইউপিআৰএফ ৪ ,ডিটিডি/৩০-০৭/৭০২১ নম্বৰ নিৰ্দেশযোগে অহা, ২১ জুলাই আৰু ২২ জুলাইত উক্ত ঘটনা সৰ্ন্দৰভত ৰাজহুৱা শুনানি গ্ৰহণৰ বাবে আহ্বান জনোৱা হৈছে ৷
সেয়েহে উক্ত দুয়োটা দিনতে দিনৰ ১০-৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এই সন্দৰ্ভত মন্তব্য বিচৰা পক্ষক অতিৰিক্ত জিলা দণ্ডাধীশ (MEGISTRATE) অমৃত প্ৰভা দাসৰ কাৰ্যালয়ত উপস্থিত হৈ মৌখিক, লিখিত অথবা স্মাৰক পত্ৰযোগে সাক্ষ্যদান কৰাৰ বাবে ৰাজহুৱা জাননী জাৰী কৰা হৈছে ৷ উল্লেখযোগ্য যে, যোৱা ২০ জুনত সিংহাসন পাহাৰৰ জাওলিয়ানত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুই ইউপিআৰএফ কেডাৰ ক্ৰমে, ডিলাই থানা অন্তৰ্গত চাংপিজাল গাঁও নিৱাসী হাওমিনলেন চিথৌ ওৰফে মেক্সি ওৰফে উইলিয়াম আৰু মলনম নিৱাসী হাওখলাল হাওকিপ নামৰ দুগৰাকী কেডাৰ নিহত হোৱাৰ লগতে মৰণাস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে ৷