অসম

assam

ETV Bharat / state

ডিফু চহৰ উন্নয়নৰ বাবদ চৰকাৰৰ ১০০ কোটি টকা - ডিফু চহৰৰ এখন জনপ্রিয় সাপ্তাহিক বজাৰ

দেওবাৰৰ পৰা ডিফু পৌৰসভাই ৰাসায়নিক সাৰবিহীন শাক-পাচলি উপলব্ধ ডিফু চহৰৰ এখন জনপ্রিয় সাপ্তাহিক বজাৰ লৰুলাংছ'ক দৈনিক বজাৰলৈ ৰূপান্তৰিত কৰে ৷ আনহাতে ডিফু চহৰ উন্নয়নৰ বাবদ চৰকাৰে প্ৰদান কৰিছে ১০০ কোটি টকা ৷

ডিফু চহৰ উন্নয়নৰ বাবদ চৰকাৰৰ ১০০ কোটি টকা
ডিফু চহৰ উন্নয়নৰ বাবদ চৰকাৰৰ ১০০ কোটি টকা

By

Published : Nov 1, 2020, 9:52 PM IST

ডিফু, 1 নৱেম্বৰ : ডিফু চহৰৰ এখন জনপ্রিয় সাপ্তাহিক বজাৰ লৰুলাংছ' ৷ বজাৰখন ডিফুবাসীৰ মাজত এইবাবেই যে, বজাৰখনত উপলব্ধ ৰাসায়নিক সাৰবিহীন শাক-পাচলি ৷ জনজাতীয় খাদ্য সম্ভাৰৰ বাবে বিখ্যাত বজাৰখন দেওবাৰৰ পৰা ডিফু পৌৰসভাই দৈনিক বজাৰলৈ ৰূপান্তৰিত কৰে ৷ পূৰ্বে জৰাজীর্ণ অৱস্থাত থকা এই বজাৰখন বিগত বছৰত ন-ৰূপত আটকধুনীয়াকৈ সজাই তোলা হৈছে ৷ আজি কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিদৰ মুখ্য কার্যবাহী সদস্য তুলিৰাম ৰংহাঙে আনুষ্ঠানিকভাৱে বজাৰখন উদ্বোধন কৰে ৷ উদ্বোধনী কার্যসূচীত সাংসদ হৰেণছিং বে', বহুকেইগৰাকী কার্যবাহী সদস্য, পৰিষদৰ এমএচি, ডিফু পৌৰসভাৰ অধ্যক্ষ ৰাহ ক্ৰ’কে ধৰি বহুকেইখন পৌৰসভাৰ অধ্যক্ষ উপস্থিত থাকে ৷

ডিফু চহৰৰ এখন জনপ্রিয় সাপ্তাহিক বজাৰ লৰুলাংছ'

বজাৰখন আটকধুনীয়াকৈ সজাই ৰাইজলৈ সেৱাৰ বাবে আগবঢ়োৱাৰ বাবে সাংসদ হৰেণছিং বে'য়ে তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে ৷ আনহাতে অসম চৰকাৰে কেন্দ্রীয় চৰকাৰৰ চি.আই.ডি.এফ শিতানৰ জৰিয়তে ডিফু চহৰৰ উন্নয়নৰ বাবে ১০০ কোটি টকা মোকলাই দিয়া বুলি প্ৰকাশ কৰি, এই আঁচনিৰ অধীনত ডিফুৰ ৰংখেলানত লৰুলাংছ বজাৰৰ আৰ্হিত এখন দৈনিক বজাৰ, ডিফু চহৰৰ বিভিন্ন পথ নির্মাণ, ডিফু চহৰৰ সৌন্দর্যবর্ধনকে ধৰি বিভিন্ন আঁচনি গ্ৰহণ কৰা হৈছে বুলিও ৰংহাঙে উল্লেখ কৰে ৷

জনজাতীয় খাদ্য সম্ভাৰৰ বাবে বিখ্যাত বজাৰখন দেওবাৰৰ পৰা ডিফু পৌৰ সভাই দৈনিক বজাৰলৈ ৰূপান্তৰিত কৰে

লগতে পঢ়ক:ৰাজ্য চৰকাৰক 11,19,00,000 টকা দাবী কৃষি বিভাগৰ

ABOUT THE AUTHOR

...view details