ডিফু, 12 ডিচেম্বৰ :কাৰ্বি আংলঙৰ নগাঁও সীমান্তৱৰ্তী এখন বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে কৰ্তব্যত ফাঁকিৰ অভিযোগ তুলিছে (Allegations of dereliction of duty against head master) বিদ্যালয়খনৰ অভিভাৱকৰ লগতে একাংশ স্থানীয় লোকে ৷ অভিযোগ অনুসৰি, প্ৰত্যেক দিনে বিদ্যালয়ত উপস্থিত নাথাকে কাৰ্বি আংলঙৰ সীমান্তৱৰ্তী ৰংটাৰা এম ই স্কুলৰ প্ৰধান শিক্ষক খগেন ইংতি(Headmaster of Rongtara ME School) ৷
বিদ্যালয়খনত পৰ্যাপ্ত পৰিমাণে ছাত্ৰ-ছাত্ৰী আছে যদিও বিদ্যালয়খনৰ শৈক্ষক দিশটোক লৈ কোনো গুৰুত্ব নাই প্ৰধান শিক্ষক গৰাকীৰ ৷ প্ৰধান শিক্ষক গৰাকী অনুপস্থিতিৰ বাবে বিদ্যালয়খনৰ শৈক্ষক কাৰ্যসূচী তথা পাঠদান কাৰ্যসূচী অনিয়মীয়া হোৱাৰ অভিযোগ তুলিঠে শিক্ষাৰ্থী অভিভাৱকৰ লগতে স্থানীয় লোকে ৷ ফলত, আনুষ্ঠানিক পাঠ্যপুথি শিক্ষাৰ পৰা বিদ্যালয়খনৰ শিক্ষাৰ্থী সকল পিছ পৰি ৰৈছে ৷