অসম

assam

ETV Bharat / state

কাৰ্বি আংলঙত শ্ৰমিক সন্থাৰ পঞ্জীয়নভুক্ত স্থানীয় শ্ৰমিকক অগ্ৰাধিকাৰৰ সিদ্ধান্ত - কাৰ্বি আংলং শ্ৰমিক সন্থা

Karbi Anglong Construction Workers Union: অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকছন ৱৰ্কাৰচ ইউনিয়নৰ দ্বিতীয় বাৰ্ষিক অধিৱেশন ৷ কি কি সিদ্ধান্ত লোৱা হ’ল অধিৱেশনত?

Etv BharatKarbi Anglong Construction Workers
কাৰ্বি আংলঙত শ্ৰমিক সন্থাৰ পঞ্জীয়ণভূক্ত স্থানীয় শ্ৰমিকক অগ্ৰাধিকাৰৰ সিদ্ধান্ত

By ETV Bharat Assamese Team

Published : Dec 19, 2023, 8:44 PM IST

কাৰ্বি আংলঙত শ্ৰমিক সন্থাৰ পঞ্জীয়ণভূক্ত স্থানীয় শ্ৰমিকক অগ্ৰাধিকাৰৰ সিদ্ধান্ত

ডিফু, ১৯ ডিচেম্বৰ: অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকছন ৱৰ্কাৰচ ইউনিয়নৰ অধীনস্থ বিভিন্ন ক্ষেত্ৰত কৰ্মৰত ঠিকাদাৰসকলৰ দ্বিতীয় বাৰ্ষিক সভাখন অনুষ্ঠিত হৈ যায় ৷ সন্থাৰ সভাপতি দিলীপ কিলিঙৰ পৌৰোহিত্যত অনুষ্ঠিত হোৱা সভাখনত ঠিকাদাৰসকলৰ ভাৱৰ আদান-প্ৰদান আৰু অভাৱ অভিযোগৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰা হয় ৷

সভাত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে কেতবোৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ সিদ্ধান্তসমূহ ক্ৰমে, অল কাৰ্বি আংলং বিল্ডিং এণ্ড আদাৰ কনষ্ট্ৰাকছন ৱৰ্কাৰচ ইউনিয়নৰ পঞ্জীয়নভূক্ত অভিজ্ঞতাসম্পন্ন স্থানীয় ঠিকাদাৰেহে কাম কৰাৰ সুযোগ পাব, মদ্যপান কৰি কাম কৰা আৰু বেয়া কাম কৰি সন্থাৰ বদনাম কৰা ঠিকাদাৰসকলৰ ওপৰত সন্থাৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত ৷

কোনো ঠিকাদাৰৰ আধৰুৱা কাম আন এজন ঠিকাদাৰলৈ দায়িত্ব অৰ্পণ কৰাৰ ওপৰতো সন্থাই তীক্ষ্ণ নজৰ ৰখাৰ সিদ্ধান্ত ৷ ঠিকাদাৰে কামৰ মালিকৰ পৰা বিল আদায় কৰি শ্ৰমিকক মজুৰি প্ৰদান নকৰাৰ অভিযোগ পালে তেনে ঠিকাদাৰৰ ওপৰতো ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ লগতে জাতি, ধৰ্ম, বৰ্ণ, নিৰ্বিশেষে সকলো শ্ৰমিক ঠিকাদাৰক কাৰ্বি আংলঙত প্ৰথম কাম কৰাৰ বাবে অগ্ৰাধিকাৰ দিয়াৰ সিদ্ধান্ত আৰু সন্থাৰ পঞ্জীয়নভুক্ত নোহোৱা ঠিকাদাৰ, শ্ৰমিকক কাম নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

আজিৰ সভাত পকামিস্ত্ৰী, কাঠমিস্ত্ৰি, কুঁৱা মিস্ত্ৰী, বাঁহ মিস্ত্ৰী আৰু টাইল মিস্ত্ৰী আৰু ঠিকাদাৰক কৰ্মক্ষেত্ৰত দেখুৱা পাৰদৰ্শিতাৰ বাবে বঁটা আৰু উপহাৰ প্ৰদান কৰা হয় ৷ আজিৰ সভাত সভাপতি দিলীপ কিলিং, উপ-সভাপতি প্ৰতিৰাজা বৰভূঁঞা, জয়ছন হাঞ্চে, কাৰ্যকৰী সভাপতি ভৰত ইংহি, সাধাৰণ সম্পাদক আছমত আলী, কাৰ্যালয় সম্পাদক নৱ গগৈ, সম্পাদক আব্দুল ছালাম, জ্যেষ্ঠ ঠিকাদাৰ শ্বৰিফুদ্দিন, আজাদ হুছেইন, আমন্ত্ৰিত অতিথি হিচাবে বিশিষ্ট সমাজকৰ্মী দেৱান ৰংপি, কাৰ্বি আংলং লেবাৰ ইউনিয়নৰ সম্পাদক ইন্দ্ৰ টকবীকে প্ৰমুখ্য কৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক:ডিফুত হিল পিপ'লছ ফ'ৰামৰ অষ্টম প্ৰতিষ্ঠা দিৱস উদযাপন

ABOUT THE AUTHOR

...view details