অসম

assam

ETV Bharat / state

লক ডাউন মানি অখিল গগৈৰ মুক্তিৰ দাবীত ঘৰে ঘৰে প্ৰতিবাদ - অখিল গগৈৰ মুক্তিৰ দাবীত ঘৰে ঘৰে প্ৰতিবাদ

চৰকাৰী নিৰ্দেশনা খৰ্ব নকৰাকৈ এক অভিনৱ পন্থাৰে অখিল গগৈৰ মুক্তিৰ দাবীত এ জে ৱাই চি পি ৰ ধৰ্মঘট কাৰ্যসূচী ৷ দেওবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে এক অভিনৱ পন্থাৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন কৰে ৷

ajycp protest  Demanding Akhil Gogoi's Release at diphu karbi anglong
লক ডাউন মানি অখিল গগৈৰ মুক্তিৰ দাবীত ঘৰে ঘৰে প্ৰতিবাদ

By

Published : Apr 12, 2020, 7:54 PM IST

ডিফু, ১২ এপ্ৰিলঃ লক ডাউনৰ মাজতে এক অভিনৱ পন্থাৰে কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবী উত্থাপন হৈছে ৷ কৰ'ণা সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশজুৰি অব্যাহত থকা লক ডাউন কাৰ্যসূচীৰ মাজতে দেওবাৰে কাৰাগাৰত থকা অখিল গগৈক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এক অভিনৱ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতিয়ে ৷ উল্লেখযোগ্য যে, পূৰ্বৰ ভালেকেইটা গোচৰত আদালতে জামিন প্ৰদান কৰাৰ পিছতো পুনৰ কাৰাগাৰতে জীৱন পাৰ কৰিবলগীয়া হৈছে কৃষক নেতাগৰাকীয়ে ৷

অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ
অখিল গগৈৰ মুক্তিৰ দাবীত প্ৰতিবাদ

ইতিমধ্যে শাৰীৰিক অসুস্থতাত ভুগি থকা কৃষক নেতা গৰাকীক শীঘ্ৰে মুক্তি দিয়াৰ দাবীত এ জে ৱাই চি পি কাৰ্বি আংলং জিলা সমিতিয়ে দিনৰ ১১ বজাৰ পৰা ২ বজালৈ অৱস্থান ধৰ্মঘট পালন কৰি কৃষক নেতা গৰাকীৰ মুক্তিৰ দাবী উত্থাপন কৰিছে ৷ লক ডাউনৰ বাবে কোনো ৰাজহুৱা স্থানত একত্ৰিত হোৱাত নিষেধাজ্ঞা থকাৰ বাবে সংগঠনটোৰ নেতা কৰ্মী সকলে 'লক ডাউন' মানি চলি নিজ নিজ ঘৰতে তিনিঘণ্টীয়া ধৰ্মঘট পালন কৰি বিপ্লৱী নেতা গৰাকীৰ মুক্তিৰ দাবী জনায় ৷

লগতে পঢ়কঃতাঁতশালত বিহুৱানৰ সলনি গামোচাৰে তৈয়াৰী মাস্কৰ পয়োভৰ

ABOUT THE AUTHOR

...view details