অসম

assam

ETV Bharat / state

Rabha Diwas in Diphu: ৰাভা দিৱসৰ লগত সংগতি ৰাখি ডিফু জিলা প্ৰশাসনৰ আদৰণীয় পদক্ষেপ - সজাগতা সৃষ্টিৰ লক্ষ্য

ৰাভা দিৱস উপলক্ষে বিদ্যালয় সমূহত সজাগতা সৃষ্টিৰ লক্ষ্য লৈ ডিফুৰ পৰা জিলা প্ৰশাসনৰ উদ্যোগত ভ্ৰাম্যমাণ বাহনৰ উদ্বোধন ৷

Rabha Diwas in diphu
ৰাভা দিৱস উপলক্ষে বিদ্যালয়সমূহত সজাগতা সৃষ্টিৰ লক্ষ্য

By

Published : Jun 19, 2023, 8:27 PM IST

ভ্ৰাম্যমাণ বাহনৰ উদ্বোধন

ডিফু, ১৯ জুন :১৯ আৰু ২০ জুনত ৰাজ্যজুৰি দুদিনীয়া কাৰ্যসূচীৰে অসম চৰকাৰৰ সাংস্কৃতিক আৰু পৰিক্ৰমা মন্ত্ৰালয়ৰ উদ্যোগত উদযাপন হ’বলগীয়া ৰাভা দিৱস উপলক্ষে কাৰ্বি আংলং জিলা প্ৰশাসনে মহান শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধা জনোৱাৰ নিমিত্তে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ ৷ জিলা প্ৰশাসনে ডিফু, হাওৰাঘাট বোকাজান বিধান সভা সমষ্টিৰ বিদ্যালয়সমূহত প্ৰয়াত শিল্পীগৰাকীৰ মহান সত্ত্বা আৰু সৃষ্টি ৰাজীৰ আলোচনাৰ বাবে মুকলি কৰিছে ভ্ৰাম্যমাণ বাহন ৷

19 জুন, সোমবাৰৰ পুৱা ডিফুস্থিত জিলা উপায়ুক্তৰ কাৰ্যালয়ত জিলা উপায়ুক্ত মধুমিতা ভাগৱতীৰ উপস্থিতিত বিশিষ্ট সাহিত্যিক পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ফ্লেগ অফ কৰি ভ্ৰাম্যমাণ বাহনসমূহৰ শুভ উদ্বোধন কৰে ৷ উক্ত বাহনসমূহে যাত্ৰা পথ আৰু বিদ্যালয় সমূহত উপস্থিত হৈ মাইকিঙৰ জৰিয়তে বিষ্ণু ৰাভাৰ বিষয়ে ছাত্ৰ-ছাত্ৰী আৰু পথচাৰী সকলক অৱগত কৰিব ৷ প্ৰতিখন বিদ্যালয়ৰ প্ৰধান শিক্ষক সকলেও ছাত্ৰ-ছাত্ৰীৰ মাজত শিল্পীগৰাকীৰ বিষয়ে আলোকপাত কৰিব বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ডিফু, হাওৰাঘাট আৰু বোকাজান বিধানসভা সমষ্টিৰ অন্তৰ্গত ৩০ খন বিদ্যালয়ত সম্পন্ন হ’ব এই অনুষ্ঠান ৷ ডিফুৰ ডিফু চৰকাৰী বালক আৰু বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়, চন্দ্ৰছিং তেৰাং হাইস্কুল, ৰেংবংহম উচ্চতৰ মাধ্যমিক বিদ্যালয়, ডি এ ভি, উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰংকিমি এল পি স্কুল, লুৰুলাংচ’ এল পি স্কুল, আদৰ্শ হিন্দী স্কুল, ডনব’স্ক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উদযাপন কৰা হ’ব ৰাভা দিৱস ৷

সমান্তৰালকৈ হাওৰাঘাটৰ হাউৰাঘাট উচ্চতৰ মাধ্যমিক, তিনিআলি হাইস্কুল, ইংৰাজী হাইস্কুল, টাউন চৰকাৰী এম ই স্কুল, বেলগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, টাউন ছোৱালী হাইস্কুল, উত্তৰ বৰবিল হাইস্কুল, পণ্ডিত ঘাট হাইস্কুল, উত্তৰ বৰবিল বীনাপাণী হাইস্কুলত উদযাপন কৰা হ’ব ৰাভা দিবস ৷ একেদৰে বোকাজানৰ বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়, খটখটী হাইস্কুল, সৰিয়হজান হাইস্কুল, তল বালিজান হাইস্কুল, জীনবাবা হাইস্কুলকে ধৰি দহখন স্কুলত উদযাপন হ’ব ৰাভা দিবস ৷ ৰাভা দিৱসত প্ৰশাসনৰ বিষয়া উপস্থিত থকাৰ লগতে ৰাভা সংগীত শুনাই ৰাভাৰ জীৱনৰ আদৰ্শৰ লগত নৱ প্ৰজন্মক পৰিচয় কৰাই দিয়া হ’ব ৷ প্ৰতিখন বিদ্যালয়ৰ প্ৰধানে ৰাভাৰ জীৱনৰ ওপৰত আলোকপাত কৰি ছাত্ৰ-ছাত্ৰীৰ আগত ভাষণ দিব লাগিব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক :Ambubachi Mela 2023: অম্বুবাচী মেলাক লৈ কামাখ্যা মন্দিৰ পৰিচালনা সমিতিৰ নিৰ্দেশনা

ABOUT THE AUTHOR

...view details