অসম

assam

ETV Bharat / state

ভয়ংকৰ গণ সংক্ৰমণৰ দিশে কাৰ্বি আংলং !

পাহাৰীয়া জিলা কাৰ্বি আংলঙতো অধিক বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷

ahead to mass comunity covid19 infection At Karbianglong District
ভয়ংকৰ গণ সংক্ৰমণৰ দিশে কাৰ্বি আংলং !

By

Published : Jul 7, 2020, 12:20 AM IST

ডিফু, 6 জুলাইঃ সমগ্ৰ ৰাজ্যৰ লগতে পাহাৰীয়া জিলা কাৰ্বি আংলঙতো হোৰা হোৰে বৃদ্ধি পাইছে কৰ'ণা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা ৷ ইতিমধ্যে কাৰ্বি আংলঙৰ ২ জন মুখ্য কাৰ্যবাহী বিষয়া (ইএম), ১ জন এমএচি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী- পুত্ৰ কৰ'নাত আক্ৰান্ত হোৱা খবৰ পোহৰলৈ অহাৰ পিছতেই ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে অগ্ৰসৰ হোৱা বুলি শংকিত হৈছে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ লোক সকল ৷

ভয়ংকৰ গণ সংক্ৰমণৰ দিশে কাৰ্বি আংলং !

উল্লেখ্য যে, দেওবাৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ চিকিৎসা বিভাগৰ কাৰ্যবাহী সদস্য খনছিং ৰংপি কোভিড-১৯ পজিটিভ পোৱাৰ পিছত সোমবাৰে পুনৰ পৰিষদৰ কৃষি বিভাগৰ অতিৰিক্ত সঞ্চালক ৰামচিং হাঞ্চেৰ দেহতো ধৰা পৰে কোভিড-19 পজিটিভ ৷ ইতিমধ্যে তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হয় ৷ খনছিং ৰংপি কৰ'ণাত আক্ৰান্ত হোৱাৰ পিছতেই তেওঁৰ সংস্পৰ্শলৈ অহা কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ ইএম, এমএচি, সচিব আৰু বিষয়া কৰ্মী সকলৰ স্বাৱ পৰীক্ষাৰ বাবে সংগ্ৰহ কৰা হৈছে ৷ সেই অনুসৰি সোমবাৰে সন্ধিয়াৰ ভাগত ডিফু চিকিৎসা মহাবিদ্যালয়ৰ পৰা ওলোৱা ফলাফলত পৰিষদ খনৰ ইএম দ্বয় অমৰছিং তিচ' ৰূপছিং টেৰণ, এমএচি ৰামছ্ং তিমুঙ লগতে কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ পত্নী কাছে টেৰণপী আৰু পুত্ৰ চেংকান ৰংহাঙৰ কোভিড- ১৯ ৰ ফলাফল পজিটিভ আহিছে যদিও মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ কোভিডৰ ফলাফল নেগেটিভ ওলাইছে ৷ এই হাৰত কাৰ্বি আংলঙত কৰ'ণাত আক্ৰান্তৰ সংখ্যা বাঢ়ি থাকিলে জিলাখন ভয়ঙ্কৰ গণ সংক্ৰমনৰ দিশে যে অগ্ৰসৰ হৈছে সেয়া নিশ্চিত হৈ পৰিব ৷

লগতে পঢ়ক- নতুন ভূমি নীতিৰ বিৰুদ্ধে কৃষক মুক্তিৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details