অসম

assam

Agricultural Awareness Meeting: কাৰ্বি আংলঙৰ মাঞ্জাত কৃষি সজাগতা সভা

কাতি বিহুৰ দিনাই কাৰ্বি আংলঙৰ মাঞ্জাৰ সমীপৰ খেৰণিত বিশেষ অনুষ্ঠান(Kati Bihu 2022) । কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ কৃষি বিভাগৰ উদ্যোগত অনুষ্ঠিত হয় কাতি বিহু আৰু কৃষিৰ ওপৰত এখনি এখনি সজাগতা সভা(Agricultural awareness meeting at Manja) ।

By

Published : Oct 19, 2022, 8:14 AM IST

Published : Oct 19, 2022, 8:14 AM IST

Agricultural Awareness Meeting
কাৰ্বি আংলঙৰ মাঞ্জাত কৃষি সজাগতা সভা

ডিফু,19 অক্টোবৰ: মঙলবাৰে সমগ্ৰ ৰাজ্যবাসীয়ে উদযাপন কৰিলে কাতি বিহু(Kati Bihu 2022) । কাতি বিহুৰ দিনাই কাৰ্বি আংলং জিলা স্বায়ত্বশাসিত পৰিষদৰ অধীনস্থ কৃষি বিভাগৰ উদ্যোগত মাঞ্জাৰ সমীপৰ খেৰণিত কাতি বিহু আৰু কৃষিৰ ওপৰত এখনি সজাগতা অভিযানমূলক এখনি সভা অনুষ্ঠিত হয়(Agricultural awareness meeting at Manja) । জিলাখনৰ প্ৰায় ২ শতাধিক কৃষকৰ উপস্থিতিত পৰিষদৰ লুম্বাজং পৰিষদীয় সমষ্টিৰ এমএচি জনী তিমুঙে পৌৰিহিত্য কৰা সভাখনৰ আদৰণি ভাষণ আৰু উদ্দেশ্য ব্যাখ্যা কৰে জিলাখনৰ অতিৰিক্ত কৃষি সঞ্চালক বিদু ৰাইজুঙে ।

কাৰ্বি আংলঙৰ মাঞ্জাত কৃষি সজাগতা সভা

উক্ত সভাত জিলা কৃষি বিভাগৰ বৈজ্ঞানিকসকলে কাতি বিহুৰ ওপৰত বিজ্ঞানসন্মত পৰ্যালোচনা কৰাৰ লগতে সন্মিলিত কৃষি পদ্ধতিৰ ওপৰত বিস্তৃতভাৱে আলোকপাত কৰি প্ৰাকৃতিক আৰু জৈৱিক পদ্ধতিৰে কৃষি উৎপাদন বৃদ্ধি আৰু ইয়াৰ ব্যৱসায়ৰ সন্দৰ্ভতো সজাগতা গঢ়ি তোলাৰ উদ্দেশ্যেৰে গঠনমূলক ভাষণ প্ৰদান কৰে ।

আনহাতে উক্ত অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰছিং ৰংহাঙে(MLA Dorsing Ronghang) ভাষণ প্ৰসংগত কয় যে, বৰ্তমান কৃষকে প্ৰত্যক্ষভাৱে চৰকাৰৰ ওচৰত ধান বিক্ৰী কৰাৰ লগতে সংশ্লিষ্ট বিভাগৰ পৰা খেতিয়কৰ প্ৰমাণ পত্ৰ ল'ব পৰা সুবিধা কৃষকে গ্ৰহণ কৰিব লাগে(Agriculture Department of Assam) । আনহাতে, মুখ্য অতিথি ইএম অমৰছিং তিছ'ৱে কয় যে স্থানীয় কৃষকৰ দাবী অনুসৰি উন্নতমানৰ টেক্টৰ ক্ৰয় কৰাৰ লগতে কৃষকসকলৰ বাবে কৃষি বিভাগে উন্নতমানৰ বীজ ক্ৰয় কৰাৰ কথা চিন্তা কৰিছে(Government benefits to farmers) ।

মাইল আৰু লামচাখঙত কুঁহিয়াৰ খেতিয়ক সকলৰ সুবিধা হোৱাকৈ চেনিকল স্থাপনৰ পৰিকল্পনা কৰা হৈছে বুলি ইএম গৰাকীয়ে সদৰি কৰে । আনহাতে উক্ত সভাত জিলা উপায়ুক্ত মধুস্মিতা ভাগৱতী আৰু পৰিষদৰ এমএচি ডিলোওমা হাঞ্চুৱেও গঠনমূলক ব্যক্তব্য প্ৰদান কৰে । বন্তি প্ৰজ্বলনেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত কৃষকসকলৰ মাজত বিতৰণ কৰা হয় ত্ৰিপাল ।

লগতে পঢ়ক:Kati Bihu 2022: মহুৰা দিহিঙীয়া পথাৰত আকাশ বন্তি জ্বলালে মন্ত্ৰী অতুল বৰাই

ABOUT THE AUTHOR

...view details