অসম

assam

ETV Bharat / state

AGP Workers Meet : ৯ জুলাইত ডিফুত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন

সন্মুখত লোকসভা নিৰ্বাচন । যাৰ বাবে পাহাৰত তৎপৰ হৈ পৰিছে অগপ ৷ সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তিকৰণক আদৰণি অগপৰ ৷ ৯ জুলাইত ডিফুত অগপৰ এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলন ।

By

Published : Jul 7, 2023, 8:39 PM IST

AGP Workers Meet
AGP Workers Meet

ডিফুত অগপৰ সংবাদমেল

ডিফু, ৭ জুলাই :আগন্তুক লোকসভা নিৰ্বাচনক কেন্দ্ৰ কৰি পাহাৰত এইবাৰ তৎপৰ হৈ পৰা দেখা গৈছে আঞ্চলিক ৰাজনৈতিক দল অসম গণ পৰিষদক ৷ দলটোৱে পাহাৰত নিজৰ সাংগঠনিক ভেটি শক্তিশালী কৰিবলৈ ডিফুত তিনিখন পাৰ্বত্য জিলা ক্ৰমে কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ দলীয় কাৰ্যকৰ্তাসকলৰ এখন এদিনীয়া বিশেষ কৰ্মকৰ্তা সন্মিলনৰ আয়োজন কৰিছে ৷ ডিফুৰ ছাৰচিং টেৰণ টাউন হলত অহা ৯ জুলাইত এই সন্মিলন অনুষ্ঠিত হ'ব ৷

দলৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কমিটীৰ সদস্য আছিকুৰ ৰহমান, অংশুমান দত্ত, অসম যুৱ পৰিষদৰ সভাপতি জিতু বৰগোঁহায়ে শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা জানিবলৈ দিয়ে ৷ এই সন্মিলনত দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত, ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যকে ধৰি সকলো শীৰ্ষ নেতা উপস্থিত থাকিব বুলি সংবাদমেলত প্ৰকাশ কৰে ৷ মূলত পাহাৰত দলৰ সাংগঠনিক ভেটি মজবুত কৰা, দলৰ সদস্যসকলক একত্ৰিত কৰি ৰখা আদিয়েই এই সন্মিলনৰ মূল উদ্দেশ্য বুলি সংবাদমেলত মন্তব্য কৰে ৷

এই সন্মিলনতে পাহাৰত দলৰ ভাতৃ-ভগ্নী সংগঠনৰ কাৰ্যকৰ্তাসকলৰ পৰা লাভ কৰা পৰামৰ্শ অনুসৰি আগন্তুক সময়ত দলৰ স্থিতি নিৰূপণ কৰা হ'ব বুলিও সংবাদমেলত জানিবলৈ দিয়ে ৷ ইয়াৰ উপৰি ১৪ টা লোকসভা সমষ্টিৰ ১২ টা সমষ্ঠিত অগপৰ বিশেষ কৰ্মকৰ্তা সন্মিলন অনুষ্ঠিত হোৱাৰ বিপৰীতে ১৩ নম্বৰ বিশেষ কৰ্মকৰ্তা সন্মিলন ডিফুৰ ছাৰচিং টেৰণ মেম'ৰিয়েল হলত অনুষ্ঠিত হ'ব আৰু অন্তিমখন সভা কোকৰাঝাৰত অনুষ্ঠিত হ'ব বুলি কয় ৷

আনহাতে, সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অগপৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সদস্য আছিকুৰ ৰহমানে কয় যে সমষ্টি পুনৰ নিৰ্ধাৰণ আৰু বিলুপ্তিকৰণ অসম চুক্তিৰে অংশ । সেয়ে উক্ত বিষয় আৰু অসম চুক্তিৰ ৬ নম্বৰ দফা কাৰ্যকৰীকৰণৰ বাবে অগপই সদায় মাত মাতি আহিছে বুলিও কয় ৷ উক্ত বিষয়টো ২০০০ চনৰ পৰা ২০০৭ চনৰ ভিতৰতেই হ'ব লাগিছিল, কিন্তু তদানীন্তন কংগ্ৰেছ দলে নকৰিলে বুলিও অভিযোগ কৰে ৷ আনহাতে, সেই বিষয়টো বৰ্তমান কাৰ্যকৰী হ'বলৈ গৈ থকাটো আদৰণীয় বুলিও মন্তব্য কৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক আছিকুৰ ৰহমানে ৷

লগতে পঢ়ক :Forest destroyed in Assam: উন্নয়নৰ নামত বলি দিয়া হ’ব 16 হাজাৰৰো অধিক শাল গছ

ABOUT THE AUTHOR

...view details