তেজপুৰ,২৮ এপ্ৰিল :উত্তৰ-পূবৰ সকলো ৰাজ্যৰ পৰা সশস্ত্ৰ বাহিনীৰ বিশেষ ক্ষমতা আইন (AFSPA) আঁতৰোৱা হ'ব (AFSPA will be removed from all northeastern states)-এই মন্তব্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ । কাৰ্বি আংলঙৰ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে (Modi addresses public meeting in Karbi Anglong) ৷
ৰাইজক উদ্দেশ্যি প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে, বিগত ৮ বছৰত অসম আৰু উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বিভিন্ন অংশত আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ লগে লগে যথেষ্টখিনি অঞ্চলৰ পৰা AFSPA আঁতৰোৱা হৈছে । তেওঁ উল্লেখ কৰা মতে, উক্ত সময়চোৱাত উত্তৰ-পূৱত সংঘটিত হিংসাত্মক ঘটনা ৭৫ শতাংশ হ্ৰাস পাইছে ।
প্ৰধানমন্ত্ৰী মোডীয়ে কয় যে, অসমত এই আইন যোৱা তিনি দশক ধৰি কাৰ্যকৰী হৈ আছে । চৰকাৰে আইনখন সম্প্ৰসাৰিত কৰি আহিছিল, কিয়নো আইন-শৃংখলা পৰিস্থিতিৰ কোনো উন্নতি হোৱা নাছিল । অৱশ্যে পৰিস্থিতি উন্নত হোৱাৰ লগে লগে অসমৰ ২৩ খন জিলাৰ পৰা AFSPA আঁতৰাই দিয়া হৈছে (AFSPA removed from 23 districts of Assam) । আইন-শৃংখলা পৰিস্থিতি উন্নত হোৱাৰ বাবে ত্ৰিপুৰা আৰু মেঘালয়ৰ পৰাও এই আইন আঁতৰাই দিয়া হৈছে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।
ইফালে নাগালেণ্ড আৰু মণিপুৰৰ পৰিস্থিতিও উন্নত কৰাৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব আৰোপ কৰিছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰী মোডীয়ে । অসম-মেঘালয় সীমান্ত বিবাদ (Assam-Meghalaya border conflict) সম্পৰ্কে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দিছপুৰ আৰু কেন্দ্ৰত থকা বিজেপি চৰকাৰে ইতিমধ্যে দুয়োখন ৰাজ্যৰ মাজৰ বিবাদ নিষ্পত্তি কৰিছে । দুয়োখন ৰাজ্যৰ সীমা বিবাদ নিষ্পত্তি হোৱাৰ (Assam-Meghalaya border dispute resolved) লগে লগে বাকী ৰাজ্যসমূহেও চুবুৰীয়া ৰাজ্যৰ সৈতে থকা সীমাৰ বিবাদ নিষ্পত্তিৰ বাবে আগবাঢ়ি আহিব বুলি প্ৰধানমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ।