অসম

assam

ETV Bharat / state

কৰ’ণাতংকৰ মাজতে এইবাৰ কাৰ্বি আংলঙত আফ্ৰিকান ছোৱাইন ফ্লু - karbi anglong autonomous council

সৰ্বত্ৰে মহামাৰী কৰ’ণাৰ আতংক চলি থকাৰ মাজতে কাৰ্বি আংলং জিলাত এইবাৰ আন এটা ৰোগৰ আতংক । সেয়া হৈছে আফ্ৰিকান ছোৱাইন ফ্লু । প্ৰশাসনে ইতিমধ্যে সংক্ৰমিত এলেকাত গাঁহৰিৰ মাংস বিক্ৰিৰ লগতে সৰবৰাহ নিষেধাজ্ঞা কৰিছে ।

african swine flue in karbi anglong
ক'ৰণাতংকৰ মাজতে এইবাৰ কাৰ্বি আংলঙত আফ্ৰিকান ছোৱাইন ফ্লু

By

Published : Jul 5, 2020, 12:30 AM IST

ডিফু, ৪ জুলাই: কৰ’ণাৰ আতংকৰ সমান্তৰাল ভাৱে কাৰ্বি আংলং জিলাত এইবাৰ বৃদ্ধি পাইছে আফ্ৰিকান ছোৱাইন ফ্লুৰ আতংক । জিলাখনৰ লুম্বাজং উন্নয়ন খণ্ডৰ অন্তৰ্গত তাৰালাংছ’, লাংছ’মেপি উন্নয়ন খণ্ডৰ অন্তৰ্গত লাংবুংডিংপি আৰু হাওৰাঘাট উন্নয়ন খণ্ডৰ অন্তৰ্গত ফুলনি (শিমলুআটি)ত মৃত্যু হোৱা গাঁহৰিসমূহ আফ্ৰিকান ছোৱাইন ফ্লুত আক্ৰান্ত হোৱাটো নিশ্চিত কৰা হৈছে ।

ক'ৰণাতংকৰ মাজতে এইবাৰ কাৰ্বি আংলঙত আফ্ৰিকান ছোৱাইন ফ্লু

সংশ্লিষ্ট এলেকাত গাঁহৰিৰ সংক্ৰামক ৰোগবিধ ৰোধ কৰাৰ লক্ষ্যৰে প্ৰশাসনে গাঁহৰি মৃত্যু হোৱা স্থানৰ পৰা এক কিঃমিঃ পৰ্যন্ত সংক্ৰমিত অঞ্চল ঘোষণা কৰাৰ লগতে ইয়াৰ দহ কিঃমিঃ দূৰত্বলৈকে পৰ্যবেক্ষণ অঞ্চল হিচাপে ঘোষণা কৰিছে ।

ক'ৰণাতংকৰ মাজতে এইবাৰ কাৰ্বি আংলঙত আফ্ৰিকান ছোৱাইন ফ্লু

ইতিমধ্যে কাৰ্বি আংলং জিলাৰ অতিৰিক্ত জিলা ন্যয়াধীশ ৰাজেচন তেৰাঙে এক নিৰ্দেশনা যোগে সংশ্লিষ্ট অঞ্চল সমূহত গাঁহৰি কটা, গাঁহৰিৰ মাংস বিক্ৰি আৰু সৰবৰাহৰ ক্ষেত্ৰত নিষেধাজ্ঞাৰ জাননি জাৰি কৰিছে । এনে নিষেধাজ্ঞা ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি উল্লেখ কৰিছে নিৰ্দেশনাটোত ।

লগতে চাওক-আমেৰিকাৰ 244 সংখ্যক স্বাধীনতা দিৱসত মোডীৰ শুভেচ্ছা বাৰ্তা

ABOUT THE AUTHOR

...view details