অসম

assam

ETV Bharat / state

বোকাজানত ক'ভিড-19ৰ বিৰুদ্ধে প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী - ক'ভিড-19ৰ বিৰুদ্ধে প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী

দৈনিক শ শ লোক ক'ভিডত আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্থাস্থ্য বিভাগ ৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে পাহাৰীয়া জিলা কাৰ্বি আংলং জিলা প্ৰশাসন ৷ মঙলবাৰে পাহাৰীয়া জিলাখনত প্ৰশাসনে সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে।

Administration's awareness programme against Covid-19 in Bokajan
বোকাজানত ক'ভিড-19ৰ বিৰুদ্ধে প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী

By

Published : Apr 21, 2021, 10:35 AM IST

Updated : Apr 21, 2021, 1:54 PM IST

ডিফু,21এপ্ৰিল : শেহতীয়াকৈ সমগ্ৰ দেশৰ লগতে অসমতো ক'ভিড আক্ৰান্তৰ সংখ্যা প্ৰতিদিনে বৃদ্ধি হ'বলৈ ধৰিছে ৷ দৈনিক শ শ লোক আক্ৰান্ত হোৱাত উদ্বিগ্ন হৈ পৰিছে ৰাজ্য চৰকাৰৰ স্থাস্থ্য বিভাগ ৷ প্ৰতিখন জিলালৈ ইতিমধ্যে প্ৰেৰণ কৰিছে কেতবোৰ নিৰ্দেশাৱলী ৷ সংক্ৰমণ প্ৰতিৰোধৰ বাবে তৎপৰ হৈ পৰিছে ৰাজ্যৰ প্ৰতিখন জিলাৰ প্ৰশাসন ৷ স্বাস্থ্যবিভাগে প্ৰেৰণ কৰা স্বাস্থ্যবিধি অনুসৰি বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে জিলা প্ৰশাসনসমূহে ৷

মঙলবাৰে পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজানতো মহকুমাধিপতি বিবেক শ্যাম, মহকুমা আৰক্ষী বিষয়া জন দাসে বোকাজানৰ সাংবাদিকসকলৰ সহযোগত ক'ৰণাৰ সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি সজাগতামূলক কাৰ্যসূচী ৰূপায়ন কৰাৰ লগতে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰে ।

বোকাজানত ক'ভিড-19ৰ বিৰুদ্ধে প্ৰশাসনৰ সজাগতামূলক কাৰ্যসূচী

বোকাজান নগৰৰ শুকানজান, 'লৱে ষ্টেচন, সাপ্তাহিক বজাৰ আদি স্থানত সমাগম হোৱা লোকসকলৰ মাজত মহকুমা প্ৰশাসনে মাস্ক বিতৰণ কৰি বাধ্যতামূলকভাৱে মাস্ক পৰিধান কৰিব লাগিব বুলি প্ৰতি গৰাকী লোককে অনুৰোধ জনায়। অন্যথা 1000 টকা পৰ্যন্ত জৰিমনা বিহা হ'ব বুলিও সদৰি কৰে ৷

লগতে পঢ়ক: চৰকাৰৰ তাৎক্ষণিক সিদ্ধান্তই বাতিল কৰিব পাৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা

Last Updated : Apr 21, 2021, 1:54 PM IST

ABOUT THE AUTHOR

...view details