অসম

assam

ETV Bharat / state

APLA Ready to Surrender: শান্তিৰ সংজ্ঞা বিচাৰি অস্ত্ৰ ত্যাগৰ প্ৰস্তুতি নিষিদ্ধ ঘোষিত সংগঠন আপলাৰ - আদিবাসী বিদ্ৰোহী সংগঠন আপলা

আনলাৰ পিচত এইবাৰ আত্মসমৰ্পনৰ বাবে সাজু হৈছে আন এটা আদিবাসী বিদ্ৰোহী সংগঠন আপলা (Adivasi militant group APLA) ৷ 26 জানুৱাৰী পূৰ্বে আত্মসমৰ্পনৰ ইচ্ছা প্ৰকাশ কৰিছে সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই ৷ এক ভিডিঅ’ বাৰ্তাযোগে এই কথা প্ৰকাশ কৰিছে সংগঠনটোৱে ৷

APLA Ready to Surrender
এইবাৰ মূল সূঁতিলৈ আহি আছে আপলা

By

Published : Jan 23, 2023, 9:12 PM IST

এইবাৰ মূল সূঁতিলৈ আহি আছে আপলা

ডিফু, 23 জানুৱাৰী : কণ্টকময় পথ এৰি পুনৰ মূল সূঁতিলৈ উভতি আহিব আন এটা আদিবাসী উগ্ৰপন্থী সংগঠন ৷ 26 জানুৱাৰীৰ পূৰ্বেই আত্মসমৰ্পন কৰিবলৈ প্ৰস্তুত হৈছে সংগঠনটো ৷ ইতিমধ্যেই সংগঠনটোৰ 9 গৰাকী সদস্যই আত্মসমৰ্পন কৰিছে কাৰ্বি আংলং জিলা প্ৰশাসনৰ ওচৰত ৷ সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই অহা 26 জানুৱাৰী পূৰ্বে আত্মসমৰ্পনৰ ইচ্ছা প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে, দেওবাৰে শোণিতপুৰত অস্ত্ৰ সম্বৰণ কৰিছিল আদিবাসী বিদ্ৰোহী সংগঠন আনলাই (AALNA militant lay down arms) ৷ ইয়াৰ পিচতে সোমবাৰে আন এটা আদিবাসী সংগঠন আদিবাসী পিপ’লছ লিবাৰেশ্যন আৰ্মি (Adivasi People's Liberation Army) চমুকৈ আপলাই(APLA) আত্মসমৰ্পনৰ বাবে প্ৰস্তুতি চলোৱাৰ কথা পোহৰলৈ আহিছে ৷ মন কৰিব লগীয়া যে, 2021 চনৰ চাৰি ছেপ্টেম্বৰত কাৰ্বি আংলঙৰ ছটাকৈ উগ্ৰপন্থী সংগঠনে চৰকাৰৰ সৈতে শান্তি চুক্তিৰ ইচ্ছা প্ৰকাশ কৰি অস্ত্ৰ সম্বৰণ কৰাৰ লগে লগে অন্যান্য বিদ্ৰোহী সংগঠনেও মূল সূঁতিলৈ ঘূৰি আহিবলৈ ধৰে ৷

ক্ৰমান্বয়ে পাহাৰীয়া জিলাখনৰ ডিএনএলএ (DNLA) আৰু আনলা (AANLA) নামৰ উগ্ৰপন্থী সংগঠনে (Adivasi militant group in Assam) মূল সূঁতিলৈ ঘূৰি অহাৰ পিচত এইবাৰ জিলাখনত আনলাৰ পৰা ফালৰি কাটি সক্ৰিয় হৈ থকা আদিবাসী পিপ’লছ লিবাৰেশ্যন আৰ্মি চমুকৈ আপলা নামৰ সশস্ত্ৰ উগ্ৰপন্থী সংগঠনটোৱে গণতন্ত্ৰ দিৱসৰ পূৰ্বে আত্ম সমৰ্পনৰ ইচ্ছা প্ৰকাশ কৰিছে (APLA militant ready to surrender) ৷

কাৰ্বি আংলং জিলাত বাহৰ পাতি থকা সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই এক ভিডিঅ’ বাৰ্তাযোগে এই ইচ্ছা প্ৰকাশ কৰিছে ৷ সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই কয় যে, আপলা নামৰ সংগঠনটো নতুন সংগঠন নহয় আৰু আনলাৰ আভ্যন্তৰীণ সংঘাতৰ বাবেহে ফালৰি কাটি সংগঠনটো গঠন কৰা হৈছিল ৷

ইতিমধ্যে সংগঠনটোৰ 9 গৰাকী সদস্যই কাৰ্বি আংলং জিলা প্ৰশাসনৰ ওচৰত আত্ম সমৰ্পন কৰা বুলি জানিবলৈ দি সংগঠনটোৰ সেনাধ্যক্ষ, অধ্যক্ষৰ লগতে সকলো শীৰ্ষ নেতাসহ মুঠ 40 গৰাকী সদস্যই আগন্তুক 26 জানুৱাৰীৰ পূৰ্বে আত্ম সমৰ্পনৰ বাবে সাজু বুলি ভিডিঅ' বাৰ্তাটোত উল্লেখ কৰিছে (APLA militant ready for peace talk) ৷

উল্লেখ্য যে, আপলাৰ মূল দাবী আছিল চাহ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা, ভূমিৰ পট্টা প্ৰদান আৰু চাহ জনগোষ্ঠীক নতুন নামকৰণ কৰা ৷ আদিবাসী জনতাৰ স্বাৰ্থত আত্মসৰ্পনৰ বাবে সাজু হোৱা বুলি সংগঠনটোৰ সেনাধ্যক্ষ চাহিল মুণ্ডাই উল্লেখ কৰি এই সমগ্ৰ প্ৰক্ৰিয়াত সহায় কৰা কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সূৰ্য ৰংফাৰ আৰু মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক ধন্যবাদ জ্ঞাপন কৰে ৷

লগতে পঢ়ক:Arms laid down by AANLA members: শোণিতপুৰত ৪৬ গৰাকী যুদ্ধবিৰত আনলাৰ অস্ত্ৰ সম্বৰণ

ABOUT THE AUTHOR

...view details