ডিফু, ৭ আগষ্টঃ সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই শুকুৰবাৰে গঠন হ'ল কাৰ্বি আংলং অন লাইন নিউজ এছ'চিয়েছন ৷ মাঞ্জাৰ কামুল পৰিদৰ্শন বাংলাত ৰবিন বৰুৱাৰ পৌৰহিত্যত সামাজিক দূৰত্ব বজাই ৰাখি অনুষ্ঠিত কৰা সভাখনত জিলাখনৰ বিভিন্ন প্ৰান্তত ডিজিটেল প'ৰ্টেলত সেৱা আগবঢ়োৱা সাংবাদিক সকল উপস্থিত থাকে ৷
উক্ত সভাত বিভিন্ন সংবাদদাতাই পাহাৰীয়া জিলাখনত নিষ্ঠা আৰু সততাৰে সংবাদ পৰিবেশন কৰি অহাৰ পিছতো বিভিন্ন জনৰ কটুক্তিৰ সন্মূখীন হোৱাৰ কথা উল্লেখ কৰে ৷ কম সময়ৰ ভিতৰতে অসমৰ ৰাইজৰ বুকুৰ আপোন হৈ পৰা ৱেব পৰ্টেল সমূহৰ লগতে ইয়াৰ সাংবাদিক সকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ সকলোৱে এই ক্ষেত্ৰত এখন ঐক্যবদ্ধ মঞ্চৰ পোষকতা কৰে ৷ দীৰ্ঘ আলোচনাৰ অন্তত সৰ্বসন্মত সিদ্ধান্ত মৰ্মে "কাৰ্বি আংলং অনলাইন নিউজ এছ'চিয়েছন" নামাকৰণ কৰি এক ২১ জনীয়া তদৰ্থ সমিতি গঠন কৰে ৷ অতিশীঘ্ৰে ইয়াৰ পূৰ্ণাংগ সমিতি গঠন কৰা হ'ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷ ইয়াৰোপৰি সন্থাৰ সংবিধানৰ খচৰা প্ৰস্তুত কৰিবলৈ এখন সমিতি গঠন কৰি দিয়া হয় ৷