ডিফু, ৯ ফেব্ৰুৱাৰীঃ সমগ্ৰ দেশত কা-ৰ বিৰুদ্ধে চলি থকা আন্দোলনক অৰ্থহীন আখ্যা দি আন্দোলনটোক তীব্ৰ ভাষাত নিন্দা কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ কাৰ্বি আংলঙৰ সদৰ ডিফুৰ আৰবৰেটাম আৰু ক্ৰাফ্ট চেণ্টাৰৰ সভাকক্ষত অনুষ্ঠিত সংগঠনটোৰ অসম ৰাজ্যিক সমিতিৰ ৰূপালী জয়ন্তী বৰ্ষৰ ৰাজ্যিক অধিৱেশনত এই কথা প্ৰকাশ কৰা হয় ৷
ডিফুত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৫ সংখ্যক ৰাজ্যিক অধিৱেশন - ডিফু
সমগ্ৰ দেশত কা-ৰ বিৰুদ্ধে চলি থকা আন্দোলনক অৰ্থহীন আখ্যা দি আন্দোলনটোক তীব্ৰ ভাষাত নিন্দা কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে ৷ অসমৰ একাংশ সংগঠন আৰু ব্যক্তিয়ে অপপ্ৰচাৰৰ জৰিয়তে ৰাইজক বিপথে পৰিচালিত কৰা বুলি ডিফুত অনুষ্ঠিত সংগঠনটোৰ অধিৱেশনত চৰ্চা কৰা হয় ৷
![ডিফুত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ২৫ সংখ্যক ৰাজ্যিক অধিৱেশন ABVP 25TH CONVENTION](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6016706-thumbnail-3x2-a.jpg)
অসমৰ একাংশ সংগঠন আৰু ব্যক্তিয়ে অপপ্ৰচাৰৰ জৰিয়তে ৰাইজক বিপথে পৰিচালিত কৰা বুলি অধিৱেশনত চৰ্চা কৰা হয় ৷ দেওবাৰে পুৱাৰ ভাগত অসমৰ বিভিন্ন জিলাৰ পৰা এবিভিপিৰ নেতা-সদস্যসকল ডিফুৰ অধিৱেশনস্থলীত সমবেত হৈ পৰিৱেশন কৰে ৰাষ্ট্ৰীয় সংগীত ৷ দিনযোৰা কাৰ্যসূচীৰে চলা অধিৱেশনখন কেইবাটাও পৰ্যায়ৰ সভাৰ মাজেৰে অনুষ্ঠিত হয় ৷ অধিৱেশনখনত সংগঠনটোৰ পুৰণি ৰাজ্যিক সমিতিখন ভংগ কৰি নতুন ৰাজ্যিক সমিতি গঠন কৰা হয় ৷ নৱগঠিত সমিতিখনৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ক্ৰমে শৈলেন গগৈ আৰু ৰাকেশ দাসক ৷
লগতে চাওকঃমৃত নৱজাতক সন্দৰ্ভত স্বস্তি হস্পিতালৰ চিকিৎসকৰ স্পষ্টীকৰণ