অসম

assam

ETV Bharat / state

বকলীয়াঘাত আছুৰ উদ্যোগত বসন্ত উৎসৱৰ আয়োজন - বকলীয়াঘাত আছুৰ উদ্যোগত বসন্ত উৎসৱৰ আয়োজন

বকলীয়াঘাত আছুৰ উদ্যোগত অনুষ্ঠিত হ'ব ত্ৰয়োদশ বাৰ্ষিক বসন্ত উৎসৱ ৷ সদৌ কাৰ্বি আংলং জিলা ছাত্র সন্থাৰ উদ্যোগত অহা ১৪ আৰু ১৫ বহাগ (২৮-২৯ এপ্রিল) ত দুদিনীয়া বর্ণাঢ্য কার্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ত্রয়ােদশ বার্ষিক বসন্ত উৎসৱৰ আয়োজন কৰা হৈছে ৷

aasu gears up for basanta utsav in bokoliyaghat
বকলীয়াঘাত আছুৰ উদ্যোগত বসন্ত উৎসৱৰ আয়োজন

By

Published : Apr 9, 2021, 11:04 PM IST

ডিফু, 9 এপ্ৰিল:সদৌ কাৰ্বি আংলং জিলা ছাত্র সন্থাৰ উদ্যোগত অহা ১৪ আৰু ১৫ বহাগ (২৮-২৯ এপ্রিল) ত দুদিনীয়া বর্ণাঢ্য কার্যসূচীৰে বকলীয়াঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত ত্রয়ােদশ বার্ষিক বসন্ত উৎসৱৰ লগতে সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ সাধাৰণ অধিৱেশনখনা উদযাপনৰ ব্যাপক প্রস্তুতি চলােৱা হৈছে ৷

অনুষ্ঠানৰ প্রথম দিনৰ কার্যসূচী অনুসৰি পুৱা আদৰণি সমিতিৰ সভাপতি কামছিং হাঞ্চেই বিহু ধ্বজা আৰু সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ সভাপতি ভৱজ্যোতি বৰাই সদৌ অসম ছাত্র সন্থাৰ পতাকা উত্তোলনেৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছতে শ্বহীদ তৰ্পণ, বৃক্ষৰোপণ আদি কার্যসূচীৰ পাছত বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ প্রতিযােগিতা অনুষ্ঠিত কৰা হ'ব ৷

পুৱাৰ পৰাই সদৌ কার্বি আংলং জিলা ছাত্র সন্থাৰ প্রতিনিধি সভা অনুষ্ঠিত কৰাৰ লগতে বিয়লি দুই বজাৰ পৰা সদৌ অসম ভিত্তিত সৰু বিহুৱতী, বৰ বিহুৱতী আদি প্রতিযােগিতা অনুষ্ঠিত কৰা হ'ব। দ্বিতীয় দিনাৰ কার্যসূচী অনুসৰি পুৱাৰ ভাগত বিভিন্ন প্রতিযােগিতাৰে কার্যসূচীৰ শুভাৰম্ভ কৰাৰ পাছত বিয়লি চাৰি বজাৰ পৰা অনুষ্ঠিত হ'বলগীয়া মুকলি সভাত সদৌ অসম ছাত্র সন্থাৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচার্য, সভাপতি দিপাংক কুমাৰ নাথ আৰু সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা মুখ্য অতিথি হিছাপে উপস্থিত থাকিব ৷ কার্বি সাংস্কৃতিক সমাজৰ সভাপতি চন্দ্রছিংক্রৱে সভাখনৰ শুভ উদ্বোধন কৰিব ৷

লগতে পঢ়ক:আখলত ব্যস্ত তিনিচুকীয়াৰ পিঠা বাইদেউ

For All Latest Updates

TAGGED:

ABOUT THE AUTHOR

...view details