ডিফু, ৭ জুন : অতি শীঘ্ৰে স্বাক্ষৰিত হ'বলগীয়া কাৰ্বি আংলঙৰ চাৰিটাকৈ অস্ত্ৰবিৰতিত থকা সশস্ত্ৰ বিদ্ৰোহী সংগঠনৰ সৈতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত শান্তি চুক্তিৰ প্ৰসংগক কেন্দ্ৰ কৰি পাহাৰীয়া জিলাখনত বিভিন্ন চৰ্চা অব্যাহত থকাৰ সময়তে পাহাৰীয়া জিলা দুখনত বসবাস কৰি থকা আদিবাসী সম্প্ৰদায়ৰ লোকসকলে প্ৰস্তাৱিত শান্তি চুক্তিক লৈ কেতবোৰ বিষয়ত আশংকা প্ৰকাশ কৰিছে । সোমবাৰে কাৰ্বি আংলং জিলাৰ উপায়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা এক স্মাৰকপত্ৰত সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ 'আছা'ৰ কাৰ্বি আংলং জিলা সমিতিয়ে শান্তি চুক্তিখনক কেন্দ্ৰ কৰি জিলা দুখনৰ আদিবাসী লোকসকলৰ মাজত সৃষ্টি হোৱা বিভিন্ন আশংকা সম্পৰ্কে উল্লেখ কৰে ।
সংগঠনটোৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি সুনীল ডুংডুং আৰু সহকাৰী সাধাৰণ সম্পাদক হৰিপ্ৰসাদ কোঁৱৰ স্বাক্ষৰিত স্মাৰকপত্ৰখনত পাহাৰীয়া এলেকাটোত প্ৰায় এশ বছৰ ধৰি বসবাস কৰি থকা বুলি দাবী কৰি বৃটিছৰ বিৰুদ্ধে স্বাধীনতাৰ যুঁজত আদিবাসীসকলে ভূমিকা গ্ৰহণ কৰাৰ লগতে কাৰ্বি আংলং জিলা গঠনৰ সময়তো আদিবাসীসকলৰ গুৰুত্বপূৰ্ণ অৱদান আছে বুলি উল্লেখ কৰে । জিলাখনৰ স্থায়ী শান্তিৰ ক্ষেত্ৰত প্ৰস্তাৱিত শান্তি চুক্তিক আদৰণি জনাই সংগঠনটোৱে লগতে এই চুক্তিৰ ফলত পাহাৰীয়া জিলা দুখনত বসবাস কৰি থকা আদিবাসী লোকসকলৰ সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক অধিকাৰ যাতে কোনো কাৰণতে বিঘ্নিত নহয় সেয়া নিশ্চিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰ যোগে আহ্বান জনায় ।