অসম

assam

ETV Bharat / state

ডিফুত সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন - গ্ৰন্থ উন্মোচন

বিষয় বাছনি সভাত তপন কুমাৰ দাসক সভাপতি আৰু কিশোৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন নতুন ১৬ জনীয়া সমিতি গঠন কৰা হয় ৷

aaptto 16th convention in diphu
ডিফুত সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিবেশন

By

Published : Feb 28, 2021, 10:21 PM IST

ডিফু, ২৮ ফেব্ৰুৱাৰী : ২৬ ফেব্ৰুৱাৰীৰ পৰা ডিফু বেচিক ট্ৰেইনিং চেণ্টাৰত চলি থকা সদৌ অসম প্ৰাথমিক শিক্ষক প্ৰশিক্ষক সন্থাৰ ষষ্ঠদশ বাৰ্ষিক অধিৱেশনখন দেওবাৰে সামৰণি পৰে ৷ আজি অন্তিম দিনৰ কাৰ্যসূচী অনুসৰি পুৱা সামূহিক চাফাই আৰু বৃক্ষৰোপন, অৱসৰী সদস্যৰ সম্বৰ্দ্ধনা, মুকলি সভা আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয় ৷ সদৌ অসম বুনিয়াদী প্ৰাথমিক শিক্ষক প্ৰশিক্ষণ সন্থাৰ সভাপতি তপন কুমাৰ হাজৰিকাৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভাত গ্ৰন্থ উন্মোচন কৰে ৰহা বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষা ড৹ নিৰলা দেৱীয়ে ৷

অধিৱেশনৰ দ্বিতীয় দিনা বিভিন্ন কাৰ্যসূচীৰ অন্তত বিয়লি বিষয় বাছনি সভাখন অনুষ্ঠিত হয় ৷ বিষয় বাছনি সভাত তপন কুমাৰ দাসক সভাপতি আৰু কিশোৰ দাসক সাধাৰণ সম্পাদক হিচাপে লৈ এখন নতুন ১৬ জনীয়া সমিতি গঠন কৰা হয় বুলি ডিফু বুনিয়াদী প্ৰাথমিক শিক্ষক প্ৰশিক্ষক কেন্দ্ৰৰ অধ্যক্ষ ধনছিং তিমুঙে জানিবলৈ দিয়ে ৷ আনহাতে আজিৰ মুকলি সভাত সন্থাৰ বিভিন্ন অভাৱ-অভিযোগৰ বিষয় সমূহ উত্থাপন কৰি সন্থাক শক্তিশালী কৰাৰ বাবেও বিস্তৃত আলোচনা কৰা হয় বুলি অধ্যক্ষগৰাকীয়ে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক :প্ৰসূতিৰ মৃত্যুক কেন্দ্ৰ কৰি উত্তপ্ত হাইলাকান্দি অসামৰিক চিকিৎসালয়

ABOUT THE AUTHOR

...view details