হৰিভক্ত কটুৱাল জন্মজয়ন্তী ডিফু,৩ জুলাই:সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা চমুকৈ আগছুৰ উদ্য়োগত ৮৯ সংখ্যক হৰিভক্ত কটুৱালৰ জন্মজয়ন্তী উদযাপন কৰা হয় । ইয়াৰ সৈতে সংগতি ৰাখি ২০২৩ বৰ্ষত উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ উত্তীৰ্ণ কৃতি ছাত্ৰ-ছাত্ৰীসকলক দেওবাৰে ডিফুত আনুষ্ঠানিক ভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ ডিফুৰ জয়ছিং দলৈ সোঁৱৰণী প্ৰক্ষেগৃহত আগছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সাধাৰণ সম্পাদক ঔম ছেত্ৰীয়ে আঁতধৰা সভাখনত পৌৰোহিত্য কৰে আগছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে ৷
ইপিনে, আদৰণি ভাষণ প্ৰদান কৰে আগছু কাৰ্বি আংলং জিলা সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰীয়ে ৷ ইয়াৰ পূৰ্বে পুৱা সন্থাৰ পতাকা উত্তোলন কৰে সভাপতি লক্ষী লিম্বুৱে ৷ এই সভাত ২০২৩ বৰ্ষৰ উচ্চ আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ প্ৰায় ৫ শতাধিক ছাত্ৰ-ছাত্ৰী সকলক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ৷ সভাখনত মুখ্য় অতিথি হিচাপে উপস্থিত থাকে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ লগতে বিধায়ক দৰচিং ৰংহাং, কেইবাগৰাকী ইএম, এমএচি, এইছপপচিএফৰ সভাপতি লাইচেন ইংলেং, আগছুৰ কাৰ্বি আংলং জিলাৰ সমিতিৰ মুখ্য উপদেষ্টা সুৰজ ছেত্ৰী, কেএছএৰ সভাপতি থমছন ৰংপি, ভাৰতীয় গোৰ্খা পৰিষদৰ উপ সভাপতি পুষ্পজন ছেত্ৰীকে প্ৰমুখ্য কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷
পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ডাঃ তুলিৰাম ৰংহাঙে কয় যে গোৰ্খা ছাত্ৰ সন্থাই এটি স্থায়ী কাৰ্যালয় আৰু কেইবাটাও দাবী জনাই পৰিষদৰ তেওঁৰ ওচৰত স্মাৰক পত্ৰ অৰ্পণ কৰিছে ৷ পৰিষদৰ বাজেটত এছঅ'পিডি পূঁজিৰ জৰিয়তে গোৰ্খা ছাত্ৰ সন্থাৰ বাবে এটি স্থায়ী কাৰ্যালয় স্থাপন কৰি দিয়াৰ লগতে এবছৰৰ ভিতৰত স্মাৰক পত্ৰত থকা দাবী সমূৰ পূৰণ কৰাৰ আশ্বাস প্ৰদান কৰে ৷ লগতে জিলাখনত উগ্ৰপন্থী সমস্যা সমাধানৰ লগতে সকলো ধৰণৰ সংঘাত নোহোৱা হোৱাৰ বাবে উন্নয়ন সম্ভৱ হোৱাৰ লগতে শৈক্ষিক সংস্কাৰ হৈছে বুলি কয় ৷
তেওঁ কয় যে উচ্চ আৰু উচ্চতৰ মাধ্য়মিক শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ শতকৰা হাৰ পাহাৰীয়া জিলাখনত বেছি হৈছে ৷ ই এটা শুভ লক্ষণ ৷ আনহাতে, আগছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি লক্ষী লিম্বুৱে আগছুৰ নিজৰ এটা স্থায়ী কাৰ্যালয়ৰ লগতে গোৰ্খা হোষ্টলৰ স্থাপনৰ দাবী সম্বলিত স্মাৰক পত্ৰ মুখকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক অৰ্পণ কৰা হৈছে ৷ উক্ত দাবী সমূহ এবছৰৰ ভিতৰতে পূৰ্ণ কৰিব বুলি মুখ্য কাৰ্যবাহী সদস্য় গৰাকীয়ে কয় । সভাখনত হৰিভক্ত কটুৱালৰ ৮৯ সংখ্যক জন্ম জয়ন্তী উপলক্ষে বক্তাসকলে হৰিভক্ত কটুৱালৰ জীৱনাদৰ্শৰ ওপৰত আলোকপাত কৰে ৷ তদুপৰি হৰিভক্ত কটুৱালৰ প্ৰতিকৃতিত ভক্তসকলে বন্তি প্ৰজলন কৰে ৷
লগতে পঢ়ক:Domestic violence at Kaliabor : স্বামীৰ শাৰীৰিক অত্যাচাৰৰ বলি পত্নী; এজাহাৰ দাখিল