ডিফু, ২৯ নৱেম্বৰ :বোকাজান মহকুমা আৰক্ষীয়ে দেওবাৰে অবৈধ অস্ত্ৰসহ এগৰাকী মহিলা আটক কৰে ৷ বোকাজান আৰক্ষীয়ে দেওবাৰে নিশা খটখটী আৰক্ষী থানাৰ অন্তৰ্গত টিলাবস্তিত অভিযান চলায় (Bokajan police search operation) ৷ অভিযানকাৰী দলটোৱে গোপন খবৰৰ ভিত্তিত শিখা দেৱনাথ নামৰ এজনী মহিলাৰ ঘৰত অভিযানত চলাই এটা .32mm পিষ্টলসহ তিনিজাই সক্ৰিয় গুলি আৰু এটা মেগজিন উদ্ধাৰ কৰে ৷
বোকাজানৰ মহকুমা আৰক্ষী বিষয়া জন দাসৰ নেতৃত্বত বোকাজান থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌবলিক ব্ৰহ্ম, খটখটী থানা ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৃদুল ৰুদ্ৰ পাল, খটখটী থানাৰ আৰক্ষী বিষয়া, এ পি আৰ জি ষ্টাফ আৰু চি আৰ পি এফ জোৱানে চলাই এই অভিযান ৷ আৰক্ষীৰ দলটোৱে অবাধ অস্ত্ৰখিনি জব্দ কৰাৰ লগতে মহিলাগৰাকীক আটক কৰে । আৰক্ষীৰ সূত্ৰৰ পৰা জানিব পৰা মতে, মহিলাগৰাকী ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত(Drugs peddler women in Bokajan) ।