অসম

assam

ETV Bharat / state

Businessman Son viral video: এটা ভাইৰেল ভিডিঅ‘ক কেন্দ্ৰ কৰি ডিফুত চেপা উত্তেজনা

ডিফুত এজন ছাত্ৰ নেতাক কাৰাগাৰলৈ প্ৰেৰণ কৰাক লৈ অব্যাহত আছে ব্যাপক উত্তেজনা ৷ ডিফু চহৰৰ মাজমজিয়াত থকা দুখনকৈ প্ৰতিষ্ঠিত ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী পুত্ৰৰ এটা অশ্লীল ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল ছাত্ৰ নেতাজনক (A viral video stirred up tension in Diphu) ৷ ইফালে ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ নামত থকা ব্যৱসায়িক ট্ৰেড লাইচেন্স সাময়িকভাবে বাতিল কৰিছে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ সংশ্লিষ্ট বিভাগে ৷

By

Published : Feb 3, 2023, 9:10 AM IST

Trading license temporary suspended of Diphu Shree Mangal Shop and Rajasthan Sweets
শ্ৰীমংগল আৰু ৰাজস্থান চুইটছৰ ট্ৰেডিং লাইছেন্স সাময়িকভাৱে বাতিল

শ্ৰীমংগল আৰু ৰাজস্থান চুইটছৰ ট্ৰেডিং লাইচেন্স সাময়িকভাৱে বাতিল

ডিফু, 3 ফেব্ৰুৱাৰী:জৈন উপাধিৰ ডিফুৰ এগৰাকী ব্যৱসায়ীৰ পুত্ৰৰ অশ্লীল ভিডিঅ’ ভাইৰেলৰ এটা ঘটনা (Obscene video of business son) ৷ ইয়াৰ পাছত পাহাৰীয়া চহৰখনত সৃষ্টি হোৱা প্ৰতিক্ৰিয়া বৰ্তমানেও মাৰ যোৱা নাই ৷ কিছুদিনৰ পূৰ্বে ডিফুৰ শ্ৰীমংগল আৰু ৰাজস্থান চুইটছ নামৰ দুই ব্যৱসায়িক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰীৰ পুত্ৰ নিশান জৈনক দুগৰাকী মহিলাৰ সৈতে অসংযত অৱস্থাত থকা এটা ভিডিঅ’ ভাইৰেল হৈছিল ৷ তাৰ পিচৰে পৰাই চহৰখনত এই ঘটনাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল (A viral video stirred up tension in Diphu) ৷

এই ভাইৰেল ভিডিঅ’ৰ প্ৰসংগত নিশান জৈনে দুস্কৃতিকাৰীয়ে তেওঁক বলপূৰ্বকভাবে গাড়ীত উঠাই অপহৰণ কৰি নি দুগৰাকী মহিলাৰ সৈতে থিয় কৰাই অসংযত অৱস্থাত ভিডিঅ'গ্ৰাফী কৰাৰ লগতে ফটো তুলি বৃহৎ পৰিমানৰ ধন দাবী কৰাৰ অভিযোগেৰে এখন এজাহাৰ দাখিল কৰিছিল ৷ আৰক্ষীয়ে এই এজাহাৰৰ ভিত্তিত কাৰ্বি ছাত্ৰ সন্থাৰ ৰাকেশ তেৰাং (Karbi Student Association leader arrested) নামৰ এগৰাকী ছাত্ৰনেতাক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছিল ৷

ইফালে ৰাকেশ তেৰাঙৰ গ্ৰেপ্তাৰক কেন্দ্ৰ কৰি ডিফু চহৰত এক উত্তেজনাময় পৰিস্থিতি সৃষ্টি হোৱাৰ লগতে কাৰ্বি ছাত্ৰ সন্থা আৰু বহুকেইটা স্থানীয় সামাজিক সংগঠনে নিশান কোনো অসাধু চক্ৰৰ লগত জড়িত থকা বুলি উল্লেখ কৰি আৰক্ষী থানাত আন এটা গোচৰ ৰুজু কৰিছিল ৷ লগতে কাৰ্বি ছাত্ৰ সন্থাই নিশানৰ অভিযোগক ভুৱা বুলি অভিহিত কৰি অচিৰেই নিশানক গ্ৰেপ্তাৰৰ দৰে তেওঁলোকৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখনৰ ট্ৰেড লাইচেন্স বাতিল কৰাৰ দাবী জনাইছিল ৷

সেই অনুসৰি বৃহস্পতিবাৰে ডিফুৰ প্ৰতিষ্ঠিত ব্যৱসায়ীগৰাকীৰ পুত্ৰ নিশান জৈন আৰু পত্নী শকুন্তলা জৈনৰ নামত থকা শ্ৰীমংগল আৰু ৰাজস্থান চুইটছৰ ব্যৱসায়িক ট্ৰেডিং লাইচেন্স দুখন সাময়িকভাবে বাতিল কৰিলে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ কৰ বিভাগে (Trading license temporary suspended ) ৷

আনহাতে ৰাকেশ তেৰাঙৰ মুকলিৰ দাবীত বুধবাৰৰ পৰা সমগ্ৰ ডিফু চহৰজুৰি পষ্টাৰিঙো কৰিছিল বিভিন্ন স্থানীয় দল-সংগঠনে ৷ ইপিনে পুৱাৰ পৰা ছাত্ৰ সংগঠনৰ নেতাজনক গ্ৰেপ্তাৰ কৰাক লৈ চহৰখনত প্ৰতিবাদী সমদল বাহিৰ কৰাও পৰিলক্ষিত হয় ৷ চহৰখনৰ পৰিস্থিতি অস্থিৰ হোৱাৰ আশংকাত জিলা প্ৰশাসনে আৰক্ষী আৰু চিআৰপিএফ বাহিনীৰ জোৱান নিয়োগ কৰি নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তোলা পৰিলক্ষিত হৈছিল ৷

ইফালে প্ৰশাসনে জৈনৰ ব্যৱসায়িক প্ৰতিষ্ঠান দুখন বন্ধ কৰি ৰখাৰ লগতে প্ৰতিষ্ঠান দুখনত যাতে প্ৰতিবাদকাৰীয়ে আক্ৰমণ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি অঞ্চলটোৰ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলে ৷ ইতিমধ্যে সমগ্ৰ বিষয়টো সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ অৱশ্যে আৰক্ষীৰ তদন্তৰ অন্ততহে পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত ৰহস্য ৷

লগতে পঢ়ক:Operation against child marriage: কলগাছিয়াত বাল্য বিবাহৰ লগত জড়িতৰ অভিযোগত 17 জনক আটক

ABOUT THE AUTHOR

...view details