ডিফু,27 জুলাই: কৰ’ণা মহামাৰীয়ে চৌদিশে মাথো সৃৃষ্টি কৰিছে আতংক অথবা বিভীষিকা ৷ মানুহৰ মনত উদ্ভৱ হৈছে ভীতিগ্ৰস্ত পৰিৱেশৰ ৷ কিন্তু তাৰ মাজতে এক সুখবৰৰ সাক্ষী হৈ ৰ’ল পাহাৰীয়া ৰাজ্য কাৰ্বি আংলঙৰ ডিফুস্থিত চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল ৷ চিকিৎসালয়খনৰ অন্তৰ্গত কোভিড চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী গৰ্ভৱতীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান ৷ সম্প্ৰতি সুস্থ মাতৃ-পুত্ৰক দেখি আনন্দিত হৈ পৰিছে চিকিৎসালয় কৰ্তৃপক্ষ ৷
চিকিৎসালয়তে সন্তান প্ৰসৱ কৰিলে কৰ’ণাত আক্ৰান্ত মহিলাই - ডিফু চিকিৎসা মহাবিদ্য়ালয় হাস্পতাল
এক সুন্দৰ ঘটনাৰ সাক্ষী হৈ ৰ’ল পাহাৰীয়া ৰাজ্য কাৰ্বি আংলঙৰ ডিফুস্থিত চিকিৎসা মহাবিদ্য়ালয়ৰ হাস্পতাল ৷ চিকিৎসালয়খনৰ অন্তৰ্গত কোভিড চিকিৎসালয়ত চিকিৎসাধীন এগৰাকী গৰ্ভৱতীয়ে জন্ম দিয়ে এটি পুত্ৰ সন্তান ৷
![চিকিৎসালয়তে সন্তান প্ৰসৱ কৰিলে কৰ’ণাত আক্ৰান্ত মহিলাই A lady suffering from covid 19 give birth a baby boy in diphu karbi anglong assam etv bharat news](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-8187465-thumbnail-3x2-a.jpg)
চিকিৎসালয়তে সন্তান প্ৰসৱ কৰিলে কৰ’ণাত আক্ৰান্ত মহিলাই
উল্লেখ্য যে, বিগত ২৩ জুলাইত মহিলাগৰাকীৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছৰ উপস্থিতি ৷ ততালিকে চিকিৎসালয়খনৰ পুৰণা ব্ল’কত স্থাপন কৰা কোভিড ১৯ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল মহিলাগৰাকীক ৷ উক্ত খবৰটিয়ে চিকিৎসালয়খনৰ কৰ’ণা আক্ৰান্ত সকলৰ মাজত তুলি ধৰিছে আশাৰ ৰেঙনি ৷
লগতে চাওকঃমুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে কটকটীয়া নিৰাপত্তা ব্যৱস্থা ঐতিহাসিক চতিয়া থানাত