অসম

assam

By

Published : Oct 3, 2021, 9:33 PM IST

ETV Bharat / state

বোকাজানত হেৰ'ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰী আটক

অসম আৰক্ষীৰ কঠোৰ অভিযানৰ মাজতো ৰাজ্যত অব্যাহত আছে ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ গোপন বেহা ৷ শেহতীয়াকৈ 12.53 গ্ৰাম হেৰ'ইন বোকাজান আৰক্ষীৰ জালত পৰিছে এজন ড্ৰাগছ সৰবৰাহকাৰী ৷

a-drugs-smuggler-detained-with-heroin-in-bokajan
বোকাজানত হেৰ'ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক

বোকাজান,3 অক্টোবৰ : কাৰ্বি আংলং জিলাৰ বোকাজানত দেওবাৰে পুৱাই আৰক্ষীয়ে অভিযান চলাই নিষিদ্ধ হেৰ'ইনসহ এজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ প্ৰাপ্ত তথ্য অনুসৰি, দেওবাৰে পুৱা প্ৰায় আঠ বজাত বোকাজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মণি চমুৱাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে বোকাজানৰ নিজৰাপাৰত ড্ৰাগছৰ সন্ধানত অভিযান চলায় ৷

জব্দকৃত হেৰ'ইন খিনি

উক্ত অভিযানত আৰক্ষীৰ দলটোৱে নিজৰাপাৰ নিবাসী হবিবুৰ ৰহমান (35) নামৰ যুৱকজনৰ জিম্মাৰ পৰা এটা চাবোনৰ বাকচত লুকুৱাই ৰখা অৱস্থাত 12.53 গ্ৰাম হেৰ'ইন জব্দ কৰিবলৈ সক্ষম হয় ৷ লগতে এই সন্দৰ্ভত ড্ৰাগছ সৰবৰাহকাৰী হবিবুৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ বৰ্তমান হবিবুৰক সোধ পোচ অব্যাহত ৰাখিছে বোকাজান আৰক্ষীয়ে ৷

উল্লেখ্য যে, ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে যদিও ইয়াৰ মাজতে ড্ৰাগছৰ গোপন বেহা অব্যাহত ৰাখিছে একাংশ লোকে ৷ শেহতীয়াকৈ প্ৰায় প্ৰতিদিনেই ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হৈ আহিছে নিচাজাতীয় সামগ্ৰী ৷

লগতে পঢ়কঃPolice Custody ত শ্বেৰমান : স্বাস্থ্যৰ সেৱাৰ বিশেষ ব্যৱস্থাৰ নিৰ্দেশ আদালতৰ

ABOUT THE AUTHOR

...view details