অসম

assam

খটখটীত ড্ৰাগছ সহ এগৰাকী মহিলাক আটক

By

Published : Aug 19, 2021, 9:00 PM IST

অসম-নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা ৷ খটখটী আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান দুদুকল'নীত ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে খটখটী আৰক্ষীয়ে ।

a drugs paddler arrested in diphu khatkhati
খটখটীত ড্ৰাগছ সহ এগৰাকী মহিলাক আটক

ডিফু, ১৯ আগষ্ট :কাৰ্বি আংলং জিলাৰ অসম-নাগালেণ্ড সীমান্তৰ খটখটীত নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীয়ে লাভ কৰিছে আন এক সফলতা ৷ প্ৰাপ্ত তথ্য অনুসৰি খটখটী আৰক্ষী থানাৰ অন্তৰ্গত লাহৰিজান দুদুকল'নীত বৃহস্পতিবাৰে বিয়লি ড্ৰাগছসহ এগৰাকী মহিলাক আটক কৰে খটখটী আৰক্ষীয়ে।

এক গোপন সূত্ৰৰ তথ্যৰ ভিত্তিত বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাস আৰু খটখটী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মৌব্লিক ব্ৰহ্মৰ নেতৃত্বত, SI চৰণ মোহন চেতিয়া, SI মৃদুল ৰুদ্ৰ পলৰ সহযোগত লাহৰিজানৰ দুদুকল'নীত চলোৱা হৈছিল এক অভিযান ৷ অভিযানত দুটা চাবোনৰ বাকচত নিষিদ্ধ ড্ৰাগছসহ 35 হাজাৰ নগদ ধন জব্দ কৰে খটখটী আৰক্ষীয়ে ৷ ইয়াৰ লগতে ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা অপৰাধত এগৰাকী মহিলাক আটক কৰে আৰক্ষীয়ে ৷

জব্দ কৰা ড্ৰাগছ খিনিৰ ওজন প্ৰায় 25.5 গ্ৰাম আৰু বজাৰ মূল্য আনুমানিক 1 লাখ টকা হ'ব বুলি উল্লেখ কৰিলে আৰক্ষীয়ে । খটখটী আৰক্ষীয়ে দুদুকলোনী স্থানীয় গাঁওৰক্ষী বাহিনীৰ উপস্থিতিত নিষিদ্ধ ড্ৰাগছ খিনি জব্দ কৰে বুলি জানিব পৰা গৈছে ।

উল্লেখ্য যে, আটক কৰা মহিলা গৰাকী নাম লাহৰিজান দুদুকল'নী মফিজ আলিৰ পত্নী আছমা বেগম বুলি জানিবলৈ দিছে আৰক্ষীৰ সূত্ৰই ৷ বৰ্তমান মহিলাগৰাকীক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে খটখটী আৰক্ষীয়ে ৷

লগতে পঢ়ক:পাঁচ দফীয়া দাবীৰে শিৱসাগৰত অসম জাতীয় পৰিষদৰ প্ৰতিবাদ

ABOUT THE AUTHOR

...view details