অসম

assam

ধনশিৰি নৈত যুৱকৰ সলিল সমাধি

By

Published : Oct 4, 2019, 7:53 PM IST

কাৰ্বি আংলঙৰ বোকাজানৰ ধনশিৰি নৈত যুৱকৰ সলিল সমাধি ৷ যুৱকজন লক্ষীমপুৰৰ অমৃত পাল সিং বুলি জানিব পৰা গৈছে ।

ধনশিৰি নৈত যুৱকৰ সলিল সমাধি

কাৰ্বি আংলং, 4 অক্টোবৰঃ কাৰ্বি আংলঙৰ বোকাজানৰ ধনশিৰি নৈত যুৱকৰ সলিল সমাধি ৷ যুৱকজন লক্ষীমপুৰৰ অমৃত পাল সিং বুলি জানিব পৰা গৈছে । ধনশিৰি নৈত ভৰি ধুবলৈ গৈ পিছলি পৰা বান্ধৱী এগৰাকীক ৰক্ষা কৰিবলৈ যাঁওতেই অমৃতৰ লগত সংঘটিত হয় অঘটনটো ৷ ঘটনাস্থলীত উপস্থিত থকা আন কেইগৰাকীমান যুৱতীয়ে সহায়ৰ বাবে চিঞৰাত কাষতে খেতি পথাৰত কাম কৰি থকা এজন যুৱকে আহি নৈত জাঁপ দি যুৱতীগৰাকীক ৰক্ষা কৰে যদিও দুৰ্ভাগ্যবশতঃ যুৱকজনক ৰক্ষা কৰিবলৈ সক্ষম নহল ৷ গোলাঘাটৰ পৰা অহা ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগ আৰু স্থানীয় ৰাইজে সন্ধান অভিযান চলাই যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে ৷

ধনশিৰি নৈত যুৱকৰ সলিল সমাধি

ABOUT THE AUTHOR

...view details