ডিফু, ২৪ জুলাই: মনত অযুত সপোন লৈ সমাজৰ নিচলা, দুখীয়া দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীৰ শৈক্ষিক, মানসিক দিশত আগবঢ়াই নিবলৈ বিগত ৮ বছৰ পূৰ্বে ডিফুৰ শীতলাবাৰীৰ এগৰাকী দৃষ্টিহীন যুৱতীৰ আশাসুধীয়া প্ৰচেষ্টাত গঢ় লৈ উঠা স্বেচ্ছাসেৱী সংগঠন 'স্বপ্নলোক' এ গৌৰৱোজ্জল অষ্টম বৰ্ষত সফলতাৰ খোজ দিছে (8th Foundation day observerd of 'SWAPNOLOK') ৷
এই উপলক্ষে স্বপ্নলোকৰ সম্পাদিকা নিবেদিতা ঘোষৰ নেতৃত্বত স্বপ্নলোকৰ কৰ্মকৰ্তাসকলে সন্ধিয়া ডিফু ক্লাৱত এক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠিত কৰাৰ লগতে কেক কাটি স্বপ্নলোকৰ অষ্টম বৰ্ষপুৰ্তি উদযাপন কৰে (Swapnalok Foundation day observerd) ৷ এই কাৰ্যসূচীত ছাত্ৰ-ছাত্ৰী সকলে 'ক্ৰিয়া-প্ৰতিক্ৰিয়া’ নামৰ প্ৰকৃতি পৰিৱেশ সচেতনতামূলক এখন নাটক মঞ্চস্থ কৰি উপস্থিক দৰ্শকসকলক আপ্লুত কৰে ৷
লগতে কাজিৰঙা ৱাইল্ড লাইফ ছ'চাইটিৰ সচিব ডাঃ ৰবীন বেনাৰ্জীৰ তথ্যচিত্ৰ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ ইয়াৰোপৰি স্বপ্নলোকৰ উদ্যোগত বিগত ১৮ জুলাইত ডিফু চৰকাৰী বালক উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত হোৱা পেলনীয়া সামগ্ৰীৰে শিল্প কলা প্ৰতিযোগিতাৰ বঁটাসমূহো এই কাৰ্যসূচীতে বিতৰণ কৰা হয় ৷