অসম

assam

ETV Bharat / state

নিৰ্বাচনৰ প্ৰাক ক্ষণত ডিলাইত নগদ ৭ লাখ টকা জব্দ - ডিলাইত নগদ ৭ লাখ টকা জব্দ

নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যৰ ভিন্ন প্ৰান্তত জব্দ হৈছে লাখ লাখ নগদ ধন । এইবাৰ কাৰ্বি আংলঙৰ ডিলাইত জব্দ হ'ল নগদ ৭ লাখ টকা ।

নিৰ্বাচনৰ প্ৰাক ক্ষণত ডিলাইত নগদ ৭ লাখ টকা জব্দ
নিৰ্বাচনৰ প্ৰাক ক্ষণত ডিলাইত নগদ ৭ লাখ টকা জব্দ

By

Published : Mar 5, 2021, 5:13 PM IST

ডিফু, ৫ মাৰ্চ: এফালে বিধানসভা নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে দিনে-নিশাই ব্যস্ত হৈ পৰিছে জিলা প্ৰশাসন । আনফালে, নিৰ্বাচনী আৰচৰণ বিধি উলংঘা কৰা দুঃসাহস কৰিছে একাংশ লোকে । শুক্ৰবাৰে কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰত ডিলাইত নগদ ৭ লাখ টকা জব্দ হয় । বোকাজান মহকুমা প্ৰশাসনৰ তত্বাৱধনাত এছএছটিৰ এটা দলে ডিলাই আৰক্ষীৰ সহযোগত উক্ত টকা খিনি জব্দ কৰিবলৈ সক্ষম হয় ৷

শুক্ৰবাৰে পুৱাৰ ভাগত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিতুপন চুতীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দল আৰু এছএছটিৰ দলটোৱে ডিমাপুৰৰ পৰা হেজাই অভিমুখে আহি থকা এখন যাত্ৰীবাহী বাছত তালাচী চলায় আৰু এজন লোকৰ পৰা নগদ ৭ লাখ টকা জব্দ কৰে । ব্যক্তিজন হোজাইৰ লক্ষণ ছাহ বুলি জানিব পৰা গৈছে ।

জব্দকৃত ধনখিনি ব্যৱসায়িক কাৰণত অনা হৈছিল বুলি ধৃত ব্যক্তিজনে স্বীকাৰোক্তি দিছে ৷ এই সন্দৰ্ভত বেকাজান মহকুমা প্ৰশাসনে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ পিছতো ৰাজ্যৰ কেইবাটাও স্থানত জব্দ হৈছে নগদ ধন ।

লগতে পঢ়ক:ছিপাঝাৰ সমষ্টিত প্ৰাৰ্থীত্ব কেন্দ্ৰিক সংঘাট

ABOUT THE AUTHOR

...view details