অসম

assam

ETV Bharat / state

ডিফুত ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ফুটবল টুৰ্ণামেণ্ট - কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থা

টুৰ্ণামেণ্টখনত তিনিচুকীয়া, ডিব্ৰগড়, মৰিগাঁও আৰু গোৱালপাৰাৰ অগ্ৰগতি ৷ সোমবাৰে ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত চলি থকা দিবা- নৈশৰ ফ্লাড লাইটৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ প্ৰতিদ্বন্দিতামুলক খেলত গোৱালপাৰা জিলাৰ হাতত ঘৰুৱা দল কাৰ্বি আংলং ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত হয় ৷

ডিফুত ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ফুটবল টুৰ্ণামেণ্ট

By

Published : Aug 27, 2019, 7:16 AM IST

ডিফু, 27 আগষ্ট: অসম ফুটবল সন্থাৰ তত্বাৱধনাত আৰু কাৰ্বি আংলং জিলা ক্ৰীড়া সন্থাৰ ব্যৱস্থাপনাত ডিফু আৰু হানজাংলাংছত চলি থকা ৬৮ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণি আন্ত:জিলা ফুটবল টুৰ্ণামেণ্টখনৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত সোমবাৰে তিনিচুকীয়া, ডিব্ৰুগড়, মৰিগাঁও আৰু গোৱালপাৰা জিলাই অগ্ৰগতি লাভ কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷ সোমবাৰে ডিফুৰ নৱনিৰ্মিত কাছা ষ্টেডিয়ামত চলি থকা দিবা- নৈশৰ ফ্লাড লাইটৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ তীব্ৰ প্ৰতিদ্বন্দিতামুলক খেলত গোৱালপাৰা জিলাৰ হাতত ঘৰুৱা দল কাৰ্বি আংলং ৪-০ গ'লৰ ব্যৱধানত পৰাস্ত হয় ৷

ডিফুত ৬৮ সংখ্যক ক্ষিৰোদ বৰুৱা আন্ত:জিলা ফুটবল টুৰ্ণামেণ্ট

আনহাতে হানজাংলাংচ' খেল পথাৰত চলি থকা খেলত সোমবাৰে ক্ৰমে তিনিচুকীয়াই মৰাণক ৫-৩, ডিব্ৰুগড়ে গোলাঘাটক ২-০ আৰু মৰিগাঁৱে মাৰ্ঘেৰিটাক ২- ১ ৰ ব্যৱধানত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে ৷

ABOUT THE AUTHOR

...view details