পশ্চিম কাৰ্বি আংলঙত প্ৰথম বাৰৰ বাবে উলহ- মালহেৰে পালন কৰা হ'ল কাৰ্বি স্বায়ত্ত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিবস - প্ৰতিষ্ঠা দিবস
প্ৰথমবাৰৰ বাবে পশ্চিম কাৰ্বি আংলঙত উলহ- মালহেৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন ৷ বিত্তমন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰে ডংকামোকামৰ 25 কোটি টকীয়া স্পৰ্টচ কমপ্লেক্স ৷
ডিফু, 24 জুন: প্ৰথমবাৰৰ বাবে গৌৰৱোজ্জল 68 সংখ্যক প্ৰতিষ্ঠা দিৱসটি দেওবাৰে দিনযোৰা বৰ্ণাধ্য কাৰ্যসূচীৰে পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকামত উদযাপন কৰে কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদে৷ প্ৰতিষ্ঠা দিৱসক লৈ ডংকামোকামৰ চাৰিওফালে সজাই- পৰাই তুলা পৰিলক্ষিত হৈছে ৷ প্ৰতিষ্ঠা দিৱসটিৰ কাৰ্যক্ৰমণিকা অনুসৰি ক্ৰমে, ডংকামোকাম টাউন এলেকাত আলংকাৰিক বৃক্ষ ৰোপন, ইয়াৰ পিছত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙ আৰু গণ্য মান্য সকলে জিলাখনৰ প্ৰতিষ্ঠাপক তথা পিতৃ পুৰুষ প্ৰয়াত ছেমছনছিং ইংতি আৰু খৰছিং তেৰাঙ সোঁৱৰণি পাৰ্কত পিতৃ পুৰুষ দুয়োগৰাকীৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন আৰু পুষ্পাঞ্জলীৰে শ্ৰদ্ধাঞ্জলী নিবেদন কৰাৰ লগে লগে পৰিষদৰ পতাকা উপযুক্ত মৰ্যদাৰে উত্তোলন কৰে কাৰ্বি স্বায়ত্ত পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিয়ে ৷ আনহাতে মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ উপস্থিতিত কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ 68 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি 25 কোটি টকা ব্যয় সাপেক্ষে ডংকামোকামৰ নতুন স্পৰ্টচ কমপ্লেক্সটোৰ শুভ উদ্ধোধন কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পিছতে পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহিৰ পৌৰহিত্যত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মা, বিশেষ সম্মানীয় অতিথি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং, সন্মানীয় অতিথি ক্ৰমে, সাংসদ হৰেণ ছিং বে', বিধায়ক সকল ক্ৰমে জয়ৰাম ইংলেঙ, ডা: মানচিং ৰংপি, ডা: নোমল মমিন, বীৰভদ্ৰ হেগজেড় ৰাজ্য চৰকাৰৰ মন্ত্ৰীদ্বয় ছুম ৰংহাং, আৰু পিযুষ হাজৰিকাকে ধৰি কেইবা গৰাকী ইএম আৰু এমএছি, কাৰ্বি পৰিষদৰ প্ৰধান সচিব মহাদানন্দ হাজৰিকা ৷ প্ৰতিষ্ঠা দিৱসৰ মুকলি সভাত মন্ত্ৰী ছুম ৰংহাঙে কাৰ্বি আংলং স্বায়ত্ব পৰিষদৰ উন্নয়নৰ শলাগ লোৱাৰ বিপৰীতে মুখ্য কাৰ্যবাহী তুলিৰাম ৰংহাঙে প্ৰদান কৰা উন্নয়নৰ উদাৰ ভাষণেৰে স্বায়ত্ব শাসনৰ প্ৰসংগ উল্লেখ কৰি অসমৰ ভিতৰতে কাৰ্বি আংলঙক এখন পৃথক ৰাজ্য দাবীৰ কথা উনুকীয়াই ৰাজ্য চৰকাৰৰ মন্ত্ৰী ডo হিমন্ত বিশ্ব শৰ্মাৰ সন্মূখত ৷ অনুষ্ঠানটোত মুখ্য অতিথিৰ আসনত অলংকৃত কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাষণত চৰকাৰৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ কথা উল্লেখ কৰাৰ লগতে পৰিষদৰ প্ৰতিষ্ঠা দিৱসৰ এখনি স্মৃতি গ্ৰন্থ উন্মোচন আৰু বৈৰেণ্য গায়ক ছন্দ্ৰ কান্ত টেৰাঙকি আদি কৰি স্বায়ত্ব শাসনৰ আন্দোলনত প্ৰাণ আহোতি দিয়া ব্যক্তি সকলক প্ৰশস্তি পত্ৰ সহ দহৰ পৰা পঁচিশ হাজাৰ টকাকৈ পুৰস্কাৰ প্ৰদান কৰে ৷